২৭ বছৰ ধৰি স্বামীক ক’ত বিচৰা নাছিল পত্নীয়ে৷ স্বামীক বিচাৰি ভাগৰি পৰা পত্নীয়ে অৱশেষত ভিৰৰ মাজত বিচাৰি পালে স্বামীক৷ প্ৰয়াগৰাজৰ কুম্ভমেলাত যেনেকৈ বহুতে প্ৰিয়জনক হেৰুৱাইছে তেনেকৈ আকৌ কুম্ভমেলাই উভতাই দিছে হেৰুওৱা স্বামীক৷
২৭ বছৰ পূৰ্বে ১৯৯৮ চনত নিজ ঘৰৰ পৰা নিখোজ হৈছিল গংগাসাগৰ যাদৱ নামৰ এজন ব্যক্তি৷ অৱশেষত তেওঁক পৰিয়ালৰ সৈতে মিলাই দিলে প্ৰয়াগৰাজৰ কুম্ভমেলাই৷ স্বামীক ২৭ বছৰ পাছত কুম্ভমেলাত বিচাৰি পালে পত্নীয়ে৷ পিতৃক ২৭ বছৰ পাছত দেখি আৱেগিক হৈ পৰিল সন্তানো৷
গংগাসাগৰৰ পত্নীৰ নাম ধানোৱা দেৱী৷ তেওঁৰ দুই পুত্ৰ ক্ৰমে কমলেশ আৰু বিমলেশ৷ কুম্ভমেলাত কেনেবাকৈ গংগাসাগৰক বিচাৰি পোৱা যাব নেকি সেই ভাৱিয়েই কুম্ভমেলালৈ আহিছিল গংগাসাগৰৰ পৰিয়াল৷ তেওঁলোকে আশা ৰাখিলেও সঁচায়ে গংগাসাগৰক যে পাব সেয়া ভাৱিবই পৰা নাছিল৷ ভৱামতেই তেওঁলোকে কুম্ভমেলাত গংগাসাগৰৰ দৰে হুবহু ব্যক্তিক দেখা পায়৷ আনকি মিলিও যায় গংগাসাগৰৰ শৰীৰত থকা চিহ্নসমূহ৷ যেনে দীঘল দাঁত, কপালত কটা দাগ, আঠুত কটা দাগ সকলোবোৰ৷
গংগাসাগৰ যাদৱ ঝাৰখণ্ডৰ বাসিন্দা৷ বৰ্তমান তেওঁৰ বয়স ৬৫ বছৰ৷ তেওঁ এতিয়া অঘোৰি৷ তেওঁৰ নতুন নাম হৈছে বাবা ৰাজকুমাৰ৷ তেওঁক পৰিয়ালে চিনি পালেও গংগাসাগৰে পত্নী সন্তানক নিজৰ বুলি মানি ল’ব খোজা নাই৷ ওলোটা গংগাসাগৰে দাবী কৰিছে যে তেওঁ বাৰাণসীৰ বাসিন্দা৷ কিন্তু বাবা ৰাজকুমাৰৰ কোনো কথাই মানিব খোজা নাই পত্নী ধানোৱা দেৱী৷ তেওঁ নিশ্চিত, বাবা ৰাজকুমাৰেই তেওঁৰ হেৰুওৱা স্বামী৷ ইতিমধ্যেই কুম্ভমেলাত থকা আৰক্ষীক সমগ্ৰ ঘটনা জনাইছে ধানোৱা দেৱীয়ে৷ গংগাসাগৰৰ ডি এন এ পৰীক্ষা কৰোৱাৰ আৰ্জিও জনাইছে তেওঁ৷
গংগাসাগৰৰ এগৰাকী আত্মীয় মুৰলী যাদৱে কয়, ‘মেলা শেষ হোৱা পৰ্যন্ত অপেক্ষা কৰিম আমি৷ যদি ডিএন এ পৰীক্ষাত দেখা যায় যে এই ব্যক্তি গংগাসাগৰ নহয় তেন্তে তেওঁৰ ওচৰত সকলোৱে ক্ষমা খুজিব লাগিব৷’
ধানোৱা দেৱীয়ে জনাইছে যে ১৯৯৮ চনত পাটনালৈ গৈছিল গংগাসাগৰ৷ তাৰপাছতেই আৰু ঘৰলৈ উভটি নাহিল৷ তেওঁ কয়, ‘মোৰ স্বামীৰ পশুৰ ব্যৱসায় আছিল৷ এদিন হঠাৎ তেওঁ নিখোঁজ হৈ যায়৷ ২৬ বছৰ ধৰি তেওঁক বিচাৰি ফুৰিছো৷ তেওঁৰ বাবে অপেক্ষা কৰিছো৷ এইবছৰ এগৰাকী আত্মীয় কুম্ভমেলালৈ আহিছিল৷ তেওঁ এজন ব্যক্তিৰ ফটো তুলি পঠিয়াইছিল৷ সাধুৰ বেশত থকা সেই ব্যক্তিক দেখি তেওঁ চিনিব পাৰে৷ ময়ো চিনিব পাৰো যে তেওঁৱেই মোৰ হেৰুওৱা স্বামী৷’ তাৰপাছতেই দুই পুত্ৰক লৈ প্ৰয়াগৰাজত উপস্থিত হয় ধানোৱা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ