• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?

২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?

1 year ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

22 minutes ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

2 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

3 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

3 hours ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

3 hours ago
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

4 hours ago
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

6 hours ago
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

6 hours ago
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

7 hours ago
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

8 hours ago
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

9 hours ago
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?

২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?

editor by editor
February 1, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?
0
SHARES
20.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৭ বছৰ ধৰি স্বামীক ক’ত বিচৰা নাছিল পত্নীয়ে৷ স্বামীক বিচাৰি ভাগৰি পৰা পত্নীয়ে অৱশেষত ভিৰৰ মাজত বিচাৰি পালে স্বামীক৷ প্ৰয়াগৰাজৰ কুম্ভমেলাত যেনেকৈ বহুতে প্ৰিয়জনক হেৰুৱাইছে তেনেকৈ আকৌ কুম্ভমেলাই উভতাই দিছে হেৰুওৱা স্বামীক৷

২৭ বছৰ পূৰ্বে ১৯৯৮ চনত নিজ ঘৰৰ পৰা নিখোজ হৈছিল গংগাসাগৰ যাদৱ নামৰ এজন ব্যক্তি৷ অৱশেষত তেওঁক পৰিয়ালৰ সৈতে মিলাই দিলে প্ৰয়াগৰাজৰ কুম্ভমেলাই৷ স্বামীক ২৭ বছৰ পাছত কুম্ভমেলাত বিচাৰি পালে পত্নীয়ে৷ পিতৃক ২৭ বছৰ পাছত দেখি আৱেগিক হৈ পৰিল সন্তানো৷

গংগাসাগৰৰ পত্নীৰ নাম ধানোৱা দেৱী৷ তেওঁৰ দুই পুত্ৰ ক্ৰমে কমলেশ আৰু বিমলেশ৷ কুম্ভমেলাত কেনেবাকৈ গংগাসাগৰক বিচাৰি পোৱা যাব নেকি সেই ভাৱিয়েই কুম্ভমেলালৈ আহিছিল গংগাসাগৰৰ পৰিয়াল৷ তেওঁলোকে আশা ৰাখিলেও সঁচায়ে গংগাসাগৰক যে পাব সেয়া ভাৱিবই পৰা নাছিল৷ ভৱামতেই তেওঁলোকে কুম্ভমেলাত গংগাসাগৰৰ দৰে হুবহু ব্যক্তিক দেখা পায়৷ আনকি মিলিও যায় গংগাসাগৰৰ শৰীৰত থকা চিহ্নসমূহ৷ যেনে দীঘল দাঁত, কপালত কটা দাগ, আঠুত কটা দাগ সকলোবোৰ৷

গংগাসাগৰ যাদৱ ঝাৰখণ্ডৰ বাসিন্দা৷ বৰ্তমান তেওঁৰ বয়স ৬৫ বছৰ৷ তেওঁ এতিয়া অঘোৰি৷ তেওঁৰ নতুন নাম হৈছে বাবা ৰাজকুমাৰ৷ তেওঁক পৰিয়ালে চিনি পালেও গংগাসাগৰে পত্নী সন্তানক নিজৰ বুলি মানি ল’ব খোজা নাই৷ ওলোটা গংগাসাগৰে দাবী কৰিছে যে তেওঁ বাৰাণসীৰ বাসিন্দা৷ কিন্তু বাবা ৰাজকুমাৰৰ কোনো কথাই মানিব খোজা নাই পত্নী ধানোৱা দেৱী৷ তেওঁ নিশ্চিত, বাবা ৰাজকুমাৰেই তেওঁৰ হেৰুওৱা স্বামী৷ ইতিমধ্যেই কুম্ভমেলাত থকা আৰক্ষীক সমগ্ৰ ঘটনা জনাইছে ধানোৱা দেৱীয়ে৷ গংগাসাগৰৰ ডি এন এ পৰীক্ষা কৰোৱাৰ আৰ্জিও জনাইছে তেওঁ৷

গংগাসাগৰৰ এগৰাকী আত্মীয় মুৰলী যাদৱে কয়, ‘মেলা শেষ হোৱা পৰ্যন্ত অপেক্ষা কৰিম আমি৷ যদি ডিএন এ পৰীক্ষাত দেখা যায় যে এই ব্যক্তি গংগাসাগৰ নহয় তেন্তে তেওঁৰ ওচৰত সকলোৱে ক্ষমা খুজিব লাগিব৷’

ধানোৱা দেৱীয়ে জনাইছে যে ১৯৯৮ চনত পাটনালৈ গৈছিল গংগাসাগৰ৷ তাৰপাছতেই আৰু ঘৰলৈ উভটি নাহিল৷ তেওঁ কয়, ‘মোৰ স্বামীৰ পশুৰ ব্যৱসায় আছিল৷ এদিন হঠাৎ তেওঁ নিখোঁজ হৈ যায়৷ ২৬ বছৰ ধৰি তেওঁক বিচাৰি ফুৰিছো৷ তেওঁৰ বাবে অপেক্ষা কৰিছো৷ এইবছৰ এগৰাকী আত্মীয় কুম্ভমেলালৈ আহিছিল৷ তেওঁ এজন ব্যক্তিৰ ফটো তুলি পঠিয়াইছিল৷ সাধুৰ বেশত থকা সেই ব্যক্তিক দেখি তেওঁ চিনিব পাৰে৷ ময়ো চিনিব পাৰো যে তেওঁৱেই মোৰ হেৰুওৱা স্বামী৷’ তাৰপাছতেই দুই পুত্ৰক লৈ প্ৰয়াগৰাজত উপস্থিত হয় ধানোৱা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?
বিনোদন

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

July 4, 2026
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি
জীৱনশৈলী

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

July 4, 2026
Next Post
শাৰীৰিক চাহিদাৰ আকাংক্ষা কমি গৈছে, এই ভিটামিনৰ অভাৱতেই হৈছে এই সমস্যা

শাৰীৰিক চাহিদাৰ আকাংক্ষা কমি গৈছে, এই ভিটামিনৰ অভাৱতেই হৈছে এই সমস্যা

ফাতেমা এতিয়া অতীত, ৬০ বছৰ বয়সত আকৌ প্ৰেমত পৰিছে আমিৰ খান, আমিৰৰ নতুন প্ৰেয়সী কোন?

ফাতেমা এতিয়া অতীত, ৬০ বছৰ বয়সত আকৌ প্ৰেমত পৰিছে আমিৰ খান, আমিৰৰ নতুন প্ৰেয়সী কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.