অসম লাইভ ২৪ঃ ভাৰতৰ অধিকাংশ মহিলাই দৈনন্দিন জীৱনত কুর্তা পৰিধান কৰে। কুর্তাই মহিলাক ট্ৰেডিশ্যনেল লুক দিয়াৰ লগতে ই কমফ’র্টেবলো হয়। হয়তো আপুনিও পৰিধান কৰি ভাল পায় কুর্তা। পিছে কিমান দামী কুর্তা পিন্ধি পাইছে আপুনি? আজি আপোনালোকক কম আঢ়ৈ লাখ টকীয়া এটা কুর্তাৰ কথা। দেখাত তেনে সাধাৰণ যেন লগা কুর্তাটো GUCCI ব্ৰেণ্ডৰ। বগা ৰঙৰ এই কুর্তাটোৰ মূল্য নির্ধাৰণ কৰিছে ২,৫৫,৮৭৮ টকা। সম্প্ৰতি ট্ৰেণ্ডিঙত আহিছে এই কুর্তাটো। বহুতেই ইয়াৰ মূল্যক লৈ বনাইছে মিম। অসমতো কুর্তাটোক লৈ সৃষ্টি হৈছে অনেক কৌতুকৰ। এজনে লিখিছে একেই কুর্তা ফাঁচি বজাৰৰ পৰা আঢ়ৈশ টকাত কিনিব হেনো অসমৰ গ্ৰাহকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ