কুৱেইটৰ মাংগাফৰ বহুমহলীয়া অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডত কেৰালাৰ বাসিন্দা শ্ৰীহাৰীয়ে সাৱটি লৈছে মৃত্যুক৷ জ্বলি যোৱা দেহ চিনাক্ত কৰাত অসুবিধা হোৱাত পিতৃৰ সহায় লয় উদ্ধাৰকাৰী দলে৷ পিতৃয়ে অৱশেষত হাতত থকা টেটুৰ পৰা তেওঁৰ ২৭ বছৰীয়া পুত্ৰৰ মৃতদেহ চিনাক্ত কৰিবলৈ সক্ষম হয়৷
পিতৃ প্ৰদীপে জনোৱা অনুসৰি, চিকিৎসালয়খনৰ মৰ্গত ৰখা মৃতদেহ এটা চিনাক্ত কৰিব পৰা নাছিল৷ দেহৰ প্ৰায় অংশই জ্বলি যোৱাৰ বাবে কুৱেইটৰ উদ্ধাৰকাৰী দলে ফোন কৰিছিল এটাৰ পাছত আনটো পৰিয়াললৈ৷ অৱশেষত পিতৃ প্ৰদীপলৈ আহিল বিশেষ ফোনটো৷ তাৰপিছতেই ভিডিঅ’ কলেৰে দেখুৱাই দিয়ে জ্বলি যোৱা এটা দেহ৷ কিন্তু দেহৰ প্ৰায় অংশ জ্বলি গ’লেও অক্ষত অৱস্থাত আছিল তেওঁৰ হাতত কৰা বিশেষ টেটু৷ সেই টেটু দেখিয়েই পিতৃয়ে চিনাক্ত কৰে পুত্ৰ শ্ৰীহৰীৰ দেহ৷
বৃহস্পতিবাৰে কুৱেইটৰ ঘটনাক লৈ মালয়ালম নিউজ চেনেলৰ আগত, প্ৰদীপ নামৰ ব্যক্তিজনে চকুলো টুকি কয়, ‘মোক যেতিয়া বিশেষ দেহ এটা দেখুওৱা হৈছিল মই ধৰিব পৰা নাছিলো৷ দেখুওৱা দেহটোৰ মুখখন সম্পূৰ্ণ ফুলা৷ এনে অৱস্থাত মই মোৰ ল’ৰাৰ মৃতদেহটো চিনাক্ত কৰিব পৰা নাছিলো। তাৰ পিছত মই বিষয়াসকলক ক’লোঁ যে মোৰ হাতত টেটু আছে তেতিয়াই মোক হাতখন দেখুৱাই দিলে৷ মই হাতখন দেখিয়েই সেয়া মোৰ লৰাৰ দেহ বুলি চিনাক্ত কৰিলো৷
৫ জুনত কেৰালাৰ পৰা গৈছিল কুৱেইটলৈ
বিগত ৫ জুনতহে কেৰালাৰ পৰা কুৱেইটলৈ গৈছিল শ্ৰীহাৰী। তেওঁ আৰু দেউতাক দুয়োজনেই একেটা কোম্পানীতে কাম কৰিছিল। প্ৰদীপে যোৱা আঠ বছৰে কুৱেইটত কৰ্মৰত হৈ আছে৷ এসপ্তাহ পূৰ্বে কুৱেইটলৈ যোৱা শ্ৰীহাৰি মৃতদেহ হৈ ঘূৰি আহিব কোনোৱে কল্পনা কৰিব পৰা নাছিল৷ মেকানিকেল ইঞ্জিনিয়াৰ হোৱাৰ পূৰ্বে শ্ৰীহাৰীয়ে কুৱেইটৰ এখন চুপাৰ মাৰ্কেটত কাম কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ