অসম লাইভ২৪ঃ
ডিব্ৰুগড়ৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ৫টাক গ্ৰেপ্তাৰ৷
দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল মূল অভিযুক্ত ভাইজান আলীক৷
ধৰ্ষণত জড়িত চফৰ আলীক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে৷
পুনৰ আৰক্ষীৰ জালত আন দুই মহিলা৷
এলিজা বেগম, ফৰিদা বেগমক গ্ৰেপ্তাৰ৷
দুই মহিলাই মাৰপিট কৰিছিল ধৰ্ষণৰ বলি হোৱা কিশোৰীৰ মাতৃক৷
মাৰপিট কৰি হত্যাৰ ভাবুকি দিছিল কিশোৰীৰ পৰিয়ালক৷
ভাবুকি দি ঘটনাৰ গাপ দিয়া চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দুই মহিলা৷
হাত-ভৰি বান্ধি দুদিন ধৰি বাগানৰ মাজত কিশোৰীক কৰিছিল দলবদ্ধ ধৰ্ষণ৷
প্ৰচণ্ড শীতটো দুদিন ধৰি ধৰ্ষণ কৰি বাগানত লুকুৱাই ৰাখিছিল কিশোৰী গৰাকীক৷
অচেতন অৱস্থাত বাগানৰ মাজত মাতৃয়ে উদ্ধাৰ কৰিছিল কিশোৰী গৰাকীক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ