বিহাৰৰ লোকসেৱা পৰীক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতি, প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ, সমৰ্থনত বিৰোধী নেতা
বিহাৰত বৰ্তমানে লোকসেৱা পৰীক্ষা সন্দৰ্ভত হাহাকাৰ পৰিস্থিতি। বিৰোধী ৰাজনৈকিত নেতা সকল নামি পৰিছে লোকসেৱা পৰীক্ষাৰ প্ৰাৰ্থী সকলৰ সমৰ্থনত। কিয়নো প্ৰাৰ্থী সকলে প্ৰতিবাদ কৰাৰ বাবে যো-জো চলোৱাৰ সময়তে আৰক্ষীয়ে নিৰ্বিচাৰে লাঠিচাৰ্জ কৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বিহাৰ লোকসেৱা আয়োগৰ ৭০ নং পিটি পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদ কৰা প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ সন্দৰ্ভতে এই হাহাকাৰ আৰম্ভ হৈছে। এই সন্দৰ্ভত চৰকাৰক উভতি ধৰিছে বিৰোধী দলৰ নেতাসকলে। ইফালে আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱে ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জক ভুল বুলি অভিহিত কৰিছে।
বৃহস্পতিবাৰে বিপিএছচিৰ (বিহাৰ লোকসেৱা আয়োগ) প্ৰাৰ্থীৰ ওপৰত লাঠিচাৰ্জ সন্দৰ্ভত আৰজেডিৰ সভাপতি লালু যাদৱক সাংবাদিকে প্ৰশ্ন কৰাত ছাত্ৰ-ছাত্ৰীক লাঠিচাৰ্জ কৰা উচিত নহয় বুলি কয়।
বি পি এছ চিৰ ৭০ সংখ্যক পি টি পৰীক্ষা বাতিলৰ দাবীত বি পি এছ চিৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ আহিছিল পৰীক্ষাৰ্থীসকল, য’ত আৰক্ষীয়ে তেওঁলোকৰ ওপৰত বল প্ৰয়োগ কৰিছিল। লাঠী চাৰ্জত বহু প্ৰাৰ্থী বেয়াকৈ আহত হয়। বহুত প্ৰাৰ্থী গুৰুতৰভাৱেও আঘাতপ্ৰাপ্ত হৈছে। পৰীক্ষাৰ সন্দৰ্ভত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ সমাধান কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে দাবী জনাইছিল। আৰক্ষীয়ে তেওঁলোকক খেদি খেদি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ