নেপালত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা৷
শুকুৰবাৰে পুৱা প্ৰায় ৩ বজাত নেপালৰ মদন আছিৰ হাইফাত এই ভূমিস্খলনৰ ঘটনা৷
ভূমিস্খলনৰ ফলত দুখন বাছ ত্ৰিশুলি নদীত বাগৰি পৰে৷
এই বাছত চালকসহ প্ৰায় ৬৩ জন লোক আছিল৷
দুৰ্ঘটনাৰ পিছতেই সন্ধানহীন হৈ পৰিছে আটাইকেইগৰাকী যাত্ৰী৷
ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷
বৰষুণৰ মাত্ৰা বাঢ়ি যোৱাৰ বাবে যাত্ৰীসকলক উদ্ধাৰত অসুবিধাই দেখা দিছে৷
নেপালৰ এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ