স্তব্ধ হ’ল এটি কোকিল কণ্ঠ৷ ভাৰতীয় সংগীত জগত আজি মৌন, শোকস্তব্ধ দেশবাসী৷ কাল ক’ৰোনাই কাঢ়ি লৈ গ’ল ভাৰতীয় সংগীত জগতৰ আন এটি নক্ষত্ৰক৷ ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী লতা মংগেশকাৰে৷ ক’ৰোনা আৰু নিউমুনিয়াত আক্ৰান্ত হৈ মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল কন্ঠশিল্পীগৰাকী৷ ২৮ দিন ICU থকাৰ অন্তত আজি শেষ নিশ্বাস ত্যাগ কৰে ভাৰতৰত্ন লতা মংগেশকাৰে৷
কেৱল সংগীত প্ৰেমীয়েই নহয়, তেখেতৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে তেখেতৰ প্ৰতিগৰাকী আজন্ম অনুৰাগীক৷ ভাৰতীয় সংগীত জগতৰ এটি ফৰিং ফুটা জোনাক আছিল তেওঁ, ভাৰতীয় নেপথ্য সংগীতৰ একছত্ৰী সম্ৰাজ্ঞী আছিল তেওঁ৷ ৩৬টাৰো অধিক ভাষাত আৰু ৩০ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰিছে শিল্পীগৰাকীয়ে৷ এক সহস্ৰাধিক ভাৰতীয় ছবিত গীত গাইছে তেওঁ৷
কণ্ঠৰ যাদুৰে বিশ্ববাসীৰ হৃদয় জিনা এইগৰাকী মহান শিল্পীয়ে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল ১৩ বছৰ বয়সৰ পৰা৷ ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰত জন্মগ্ৰহণ কৰিছিল লতা মংগেশকাৰে৷ সৰুৰে পৰাই সংগীতৰ প্ৰতি অদম্য টান আছিল তেওঁৰ৷ আজি তেখেতৰ মৃত্যুত স্তব্ধ হৈ পৰিল সংগীতৰ প্ৰতিটো সুৰ, প্ৰতিটো লয়৷ শোকত ম্ৰিয়মান প্ৰতিগৰাকী অনুৰাগী৷ তেখেতৰ মৃত্যুত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰিব দেশবাসীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ