অসম লাইভ২৪ঃ মাত্ৰ ২০ বছৰ বয়সতেই পৃথিৱীক বিদায় জনালে তুনিছা শৰ্মাই৷ ‘দাস্তান ই কাবুল’ খ্যাত অভিনেত্ৰী তুনিছা শৰ্মাই বাথৰুমতেই আত্মহত্যা কৰাৰ পাছতেই দেশজুৰি বিষয়টোৱে চৰ্চা লাভ কৰিছে৷ ইফালে তুনিছাৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতেই ভাইৰেল হৈছে আন এটা খবৰ৷
মাত্ৰ ২০ বছৰ বয়সতেই মিলিয়নাৰ আছিল তুনিছা৷ ২০ বছৰতেই ১৫ কোটি টকা সম্পত্তিৰ গৰাকী অভিনেত্ৰী তুনিছা৷ ২০ বছৰ বয়স হ’লেও অভিনয়জগতত আছিল বিশেষ জনপ্ৰিয়তা৷ অভিনয় দক্ষতাৰ বাবেই কম বয়সতে কেটৰীণা কাঈফ, বিদ্যা বালানৰ দৰে তাৰকা অভিনেত্ৰীৰ সৈতে অভিনয় কৰিছিল তুনিছাই৷
‘ফিতুৰ’ত কেটৰ সৈতে অভিনয়ত আছিল তুনিছা৷ পৰিয়ালৰ অন্যতম উপাৰ্জনকাৰী আছিল তুনিছা৷ একাধিক ধাৰাবাহিক, মিউজিক ভিডিঅ’তো অভিনয় কৰিছিল তুনিছাই৷ কমবয়সতেই আৰ্থিকভাৱে স্বচ্ছল এটা জীৱন অতিবাহিত কৰিছিল তুনিছাই৷ মৃত্যুৰ পাছতো পৰিয়ালে কোনো কাৰণতে আৰ্থিক সংকটত পৰিব নলগা ধৰণেই বহু টকাৰ সম্পত্তি থৈ গৈছে তুনিছাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ