বাবা ছিদ্দিকিক হত্যা কৰাৰ পাছতেই ত্ৰস্ত বলীউড৷ ছলমান-শ্বাহৰুখৰ ঘনিষ্ঠ প্ৰাক্তন মন্ত্ৰীৰ হত্যাৰ দায় স্বীকাৰ কৰিছে বিষ্ণোই গেঙে৷ লৰেন্স বিষ্ণোইৰ মূল টাৰ্গেটেই ছলমান খান৷ বাৰে বাৰে টাইগাৰ ছলমানক হত্যাৰ ধমকি দি আছে বিষ্ণোই গেঙে৷
এইসমূহৰ মাজতেই ভাইৰেল হৈছে এখন চিঠি৷ ছলমানৰ সৈতে বিষ্ণোই গেঙৰ বিবাদ আজিৰ নহয়৷ এই বিবাদ আৰম্ভ হৈছে কেইবাবছৰ পূৰ্বেই৷ কৃষ্ণসাৰ হৰিণ হত্যাৰ অভিযোগ আছে ছলমানৰ বিৰুদ্ধে৷ সেই ঘটনাৰ প্ৰতিশোধ স্বৰূপেই বিষ্ণোই দলে তেওঁক একাধিকবাৰ প্ৰাণে মৰাৰ ভাবুকি দি আহিছে৷ সম্প্ৰতি ভাইৰেল হোৱা ছলমানলৈ দিয়া ধমকি পত্ৰত লিখা আছে এনেদৰে, ‘আমাৰ কাৰো সৈতে ব্যক্তিগত শত্ৰুতা নাই৷ কিন্তু যিসকলে ছলমান আৰু ডাউড বাহিনীক সহায় কৰে তেওঁলোক সাবধান হোৱা উচিত৷’ এই পত্ৰৰ ওপৰিও আন এক বিস্ফোৰক দাবী কৰিছে লৰেন্স বিষ্ণোইৰ ভাতৃ ৰমেশ বিষ্ণোইয়েও৷
লৰেন্স বিষ্ণোইৰ ভাতৃৰ দাবী, ছলমান খানে তেওঁলোকক মোটা টকা দিয়াৰ প্ৰস্তাৱো দিছে৷ তাৰকা ছলমানে বিচাৰিছিল যে সেই টকা লৈ কৃষ্ণসাৰ হৰিণক লৈ যি ধৰণে তেওঁলোক ছলমানৰ পিছত লাগি আছে সেয়া যাতে বাদ দিয়ে৷ এই তথ্য দি লৰেন্সৰ ভাতৃ ৰমেশ বিষ্ণোইয়ে কয়, ‘ছলমান খানৰ পিতৃ ছেলিম থানে এক সাক্ষাৎকাৰত জনাইছে যে বিষ্ণোই গেঙে টকাৰ বাবে এইবোৰ কৰিছে৷ আমি তেওঁক মনত পেলাই দিব খুজিছো যে তেওঁৰ পুত্ৰই এখন খালী চেকবুক লৈ আমাৰ কাষলৈ অৰ্থাৎ বিষ্ণোই গেঙৰ কাষলৈ আহিছিল৷ আমাক প্ৰস্তাৱ দিছিল ইচ্ছামতে ধন এই চেকত লিখি এই কথা ইমানতেই যাতে অন্ত পেলায়৷ আমাৰ যদি ধনৰ লোভ থাকিল হেতেন তেন্তে আমি সেইদিনাই ইচ্ছামতে ধন তাত লিখি এই কথা শেষ কৰিলোহেতেন৷’
উল্লেখ্য যে, লেথাৰিকৈ বিষ্ণোই গেঙে ছলমানক ধমকি দি আছে৷ ছলমানৰ নিৰাপত্তাও পূৰ্বতকৈ বঢ়াই দিয়া হৈছে৷ ২কোটি টকাৰ আগ্নেয়াস্ত্ৰ নিৰোধক বাহনেৰে যাতায়াত কৰিছে অভিনেতাজনে৷ আনকি ৰিয়েলিটি শ্ব’ বিগ বছৰ চেটলৈকো ৬০গৰাকী নিৰাপত্তাৰক্ষী লগত লৈ প্ৰৱেশ কৰিছে ছলমান খান৷ অৱশ্যে বৰ্তমানলৈকে এই ধমকিক লৈ মুখ খোলা নাই ছলমান খানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ