• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

3 weeks ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

1 hour ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

1 hour ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

2 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

2 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

3 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

3 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

3 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

3 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

4 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

5 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

6 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

পালম কল্যাণসুন্দৰমৰ বিষয়ে আমি জনাটো কিয় জৰুৰী

editor by editor
July 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম
0
SHARES
771
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি প্ৰায়ে ধনী শব্দটোৰে ধন-সম্পত্তি, বেংকৰ বেলেঞ্চ আৰু বিলাসী বাহনৰ পৰিমানক জড়িত কৰি লওঁ। যাৰ যিমান ধন, সম্পত্তি, বিলাসী বাহন আছে সিমানেই ধনী বুলি গণ্য কৰো। কিন্তু তামিলনাডুৰ এজন ব্যক্তিয়ে বিশ্ববাসীক দেখুৱাইছে এক উৎকৃষ্ট নিদৰ্শন, ধনীৰ পৰিসংজ্ঞা। তেওঁ দেখুৱাইছে যে প্ৰকৃত ধন-সম্পত্তি টকাত নহয়, বিশাল হৃদয়তহে নিহিত হৈ আছে। তেওঁৰ নাম পালম কল্যাণসুন্দৰম। পেছাত তেওঁ এগৰাকী লাইব্ৰেৰিয়ান আছিল যদিও আজি সমগ্ৰ বিশ্বই তেওঁক “ভাৰতৰ আটাইতকৈ ধনী দুখীয়া” বুলিহে চিনি পায়। ‘ধনী-দুখীয়া’ শব্দ দুটা একেলগে তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য। এই সাধাৰণ হৈও অসাধৰণ লোকজনে ৩৫ বছৰৰ সমগ্ৰ দৰমহা, অৱসৰৰ পেঞ্চন আৰু পুৰস্কাৰৰ ধন মিলাই মুঠ ৩০ কোটি টকা অনাথ-নিঃস্ব শিশুসকলক সহায় কৰিবলৈ দান কৰিছে। কেৱল এয়াই নহয় জানি আচৰিত হব যে অৱসৰৰ পিছত তেওঁ জীৱিকা নিৰ্বাহৰ বাবে এখন হোটেলত কাম কৰি আহিছে। কিয়নো তেওঁৰ অৱসৰৰ পৰা পোৱা ধনো ইতিমধ্যে দান কৰিছে।

কল্যাণসুন্দৰমৰ জন্ম হৈছিল ১৯৪০ চনত তামিলনাডুৰ তিৰুনেলভেলী জিলাৰ এখন অতি পিছপৰা গাঁৱত। গাঁওখনৰ নাম আছিল মেলাকাৰীভেল্লামকুলাম। গাঁওখনৰ প্ৰায় সকলো পৰিয়াল ইমানেই দৰিদ্ৰ আছিল যে তাত পকী ৰাস্তা নাছিল, নাছিল কোনো যাতায়াত ব্যৱস্থা, গাঁওখনত বিজুলী আছিল এটা মাথোঁ সপোন, গাঁওখনত নাছিল এখনো স্কুল। সৰুতেই দেউতাকক হেৰুৱাইছিল কল্যাণসুন্দৰমে। মাতৃয়ে অশেষ কষ্টৰে ডাঙৰ-দীঘল কৰিছিল কল্যাণসুন্দৰমক আৰু জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষাটো দিছিল: “সুযোগ পালে সদায় আনক সহায় কৰিব লাগে।” মাকে কোৱা এই এটা কথা কল্যাণসুন্দৰামৰ হৃদয়ত চিৰদিনৰ বাবে খোদিত হৈ থাকিল।

সেই সময়ত তেওঁ ১০ কিলোমিটাৰ খোজ কাঢ়ি স্কুললৈ যাব লগা হৈছিল আৰু তাৰ পিছত আৰু ১০ কিলোমিটাৰ ঘূৰি আহি পঢ়িব লগা হৈছিল। ইমান দীঘলীয়া দূৰত্ব অকলে যাত্ৰা কৰাটো প্ৰত্যাহ্বানজনক আছিল, সেয়েহে তেওঁ গাঁৱৰ আন ল’ৰা-ছোৱালীক লগত লৈ স্কুললৈ যাবলৈ ধৰিলে। সেই সময়ত স্কুলৰ মাচুল মাত্ৰ ৫টকা আছিল যদিও দুখীয়া গাঁৱৰ মানুহে ইমানখিনিও দিব পৰা নাছিল। কল্যাণসুন্দৰমে সেই সৰু কালতেই তেওঁ তেওঁৰ সহপাঠীসকলৰো স্কুলৰ মাচুল, কিতাপ-বহী যোগান ধৰিছিল।

কল্যাণসুন্দৰম আছিল এজন মেধাৱী ছাত্ৰ। সাহিত্য আৰু বুৰঞ্জী অধ্যয়নৰ অন্তত তেওঁ পুথিভঁৰাল বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি স্বৰ্ণ পদক লাভ কৰে। পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ থুথুকুডী জিলাৰ এখন মহাবিদ্যালয়ত লাইব্ৰেৰিয়ান হিচাপে স্থায়ী চৰকাৰী চাকৰি লাভ কৰে। প্ৰথম দৰমহা পাওঁতে তেওঁ এটা ঐতিহাসিক সিদ্ধান্ত লৈছিল: তেওঁৰ মাহিলী দৰমহা দুখীয়া আৰু অনাথ ল’ৰা-ছোৱালীক দান কৰাৰ সিদ্ধান্ত লৈছিল। ৩৫ বছৰ ধৰি এনেদৰে চলি থাকিল। তেওঁ আজীৱন দৰমহা, পেঞ্চন, আৰু বিশ্বজুৰি লাভ কৰা বঁটাৰ পৰা লাভ কৰা মুঠ ৩০ কোটি টকা দান কৰে। নিজৰ জীৱিকা আৰু দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে তেওঁ চাকৰিৰ পিছত হোটেলত কাম কৰিছিল।

দেশ আৰু সমাজৰ প্ৰতি থকা তেওঁৰ প্ৰেম ইয়াতেই থমকি ৰ’ল। ১৯৬২ চনৰ কথা, ভাৰত আৰু চীনৰ যুদ্ধৰ সময়। তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাইজক দেশক সহায় কৰিবলৈ আহ্বান জনায়। এই কথা শুনি কল্যাণসুন্দৰম পোনে পোনে তামিলনাডুৰ তেতিয়াৰ মুখ্যমন্ত্ৰী কে কামৰাজক সাক্ষাৎ কৰি নিজৰ সোণৰ চেইনডালো দেশৰ বাবে দান দিয়ে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24life style
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Next Post
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ'ব 'চোৰ পঞ্চক', ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ'ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.