অসম লাইভ ২৪ঃ মুক্তিৰ লগে লগে ভাৰতত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা দক্ষিণ ভাৰতীয় ছবি ‘জয় ভীম’ৰ মুখ্য নায়ক চুৰিয়ালৈ ৰাজনৈতিক দল DMKয়ে প্ৰেৰণ কৰিলে জাননী৷ মনোৰঞ্জনধৰ্মী চিনেমাৰ বিপৰীতে সমাজত প্ৰচলিত এক কঠোৰ বাস্তৱক এই ছবিখনত দাঙি ধৰিবলৈ চেষ্টা কৰিছে পৰিচালকে৷ ‘জয় ভীম’ ছবিখনে চৰকাৰ, আৰক্ষী প্ৰশাসনৰ ফোপোলা স্বভাৱক কাহিনীৰ মূল আধাৰ হিচাপে লৈ কঠোৰ বাস্তৱক ছবি আকাৰে ৰাইজৰ মাজলৈ এৰি দিছে৷ ছবিখনৰ মুক্তিৰ লগে লগে IMDBত ৯.৬ ৰেটিঙেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ এটা চিষ্টেমৰ বিৰুদ্ধে যুঁজ দিয়া এই ছবিখনত দক্ষিণ ভাৰতৰ পিছপৰা জনজাতীয় লোকসকলক কেনেকৈ সমাজৰ উচ্চ বংশৰ লোকে নিজৰ স্বাৰ্থত শাসন-শোষণ কৰি আহিছে তাক মেদহীনভাৱে অতি সুন্দৰকৈ চলচ্চিত্ৰ আকাৰে উপস্থাপন কৰিছে৷ কিন্তু কঠোৰ বাস্তৱক ছবিখনত দাঙি ধৰাটোৱেই এতিয়া ছবিখনৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ দেখা দিছে৷ আৰু যাৰ বাবে এই ছবিখনক নিষিদ্ধ কৰিবৰ বাবে দক্ষিণ ভাৰতৰ ৰাজনৈতিক দল DMKয়ে প্ৰেৰণ কৰিলে জাননী অভিনেতা চুৰিয়ালৈ৷
Click Here To See More:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ