কি হ’ব আজি কেজৰিৱালৰ, অন্ত হ’ল ইডিৰ ৰিমাণ্ড, লাভ কৰিব নে জামিন, নে পুনৰ যাব জিম্মালৈ
দিল্লীৰ কথিত সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ই ডিৰ জিম্মাত আছে। ট্ৰায়েল কোৰ্টে কেজৰিৱালক ৭ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল। আজি ২৮ মাৰ্চ বৃহস্পতিবাৰে শেষ হ’ল কেজৰিৱালৰ ৰিমাণ্ড পিৰিয়ড।
দুপৰীয়া ২ বজাত এভিনিউ কোৰ্টত হাজিৰ হ’ব মুখ্যমন্ত্ৰী কেজৰিৱাল। এনে পৰিস্থিতিত আজি মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। এতিয়া পৰৱৰ্তী সময়ত হে দেখা যাব আদালতে কি সিদ্ধান্ত লয়, পুনৰ ইডিৰ জিম্মালৈ পঠিয়াব নে জামিন লাভ কৰিব।
উল্লেখ্য যে, ২১ মাৰ্চ তাৰিখে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল এনফোৰ্চমেন্ট ডিপাৰ্টমেন্টে( ED)। ইডিৰ দলটোৱে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক বহু সময় ধৰি কৰা জেৰাৰ অন্তত জিম্মাত লৈছিল।
পিছত আদালতত হাজিৰ কৰোৱাই পুনৰ ১০ দিনৰ ৰিমাণ্ড বিচাৰিছিল। অৱশ্যে বিচাৰ আদালতে কেজৰিৱালক ৭ দিনৰ বাবেহে ৰিমাণ্ডত প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছিল।
যি ৰিমাণ্ডৰ সময় আজি বৃহস্পতিবাৰে শেষ হ’ব, যাৰ বাবেই আজি ২৮ মাৰ্চৰ দিনৰ ২ বজাত কেজৰিৱালক আদালতত হাজিৰ কৰোৱা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ