ছেইফ আলী খানে পাব নেকি উচ্চ পৰ্যায়ৰ সুৰক্ষা! বলীউডৰ বহু তাৰকাই পাইছে X-Y সুৰক্ষা
অভিনেতা ছাইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত সমগ্ৰ উদ্যোগটোত উদ্বেগৰ ডাৱৰ। ইয়াৰ সমান্তৰালকৈ তাৰকাসকলৰ সুৰক্ষাৰ ওপৰতো উত্থাপন হৈছে প্ৰশ্ন। একে সময়তে অভিনেতাগৰাকীৰ আক্ৰমণৰ পিছ বাৰে বাৰে অনুৰাগীৰ মনত এটাই প্ৰশ্ন আহি আছে অভিনেতাজনক উচ্চ পৰ্যায়ৰ নিৰাপত্তা দিয়া হ’ব নেকি?
ইয়াৰ পূৰ্বেও বহু তাৰকাক মৃত্যুৰ ভাবুকি দিয়া হৈছিল, যাৰ বাবে সেই তাৰকা সকলক X, Y আৰু Z+ নিৰাপত্তা প্ৰদান কৰা হৈছে।
ছলমান খান
এই তালিকাত শীৰ্ষত আছে ছলমান খানৰ নাম। ইতিমধ্যে ছলমান খানৰ উচ্চ পৰ্যায়ৰ নিৰাপত্তা আছিল যদিও যোৱা বছৰ বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত অভিনেতাজনৰ নিৰাপত্তা বৃদ্ধি কৰা হয়। লৰেন্স বিষ্ণোই গেঙৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি ছলমান খানক Y+ নিৰাপত্তা দিয়া হৈছিল।
অমিতাভ বচ্চন
আনকি অমিতাভ বচ্চনৰ দৰে এজন প্ৰবীণ অভিনেতাকো ভাবুকিৰ দিছিল অজ্ঞাতই। যাৰ বাবে পূৰ্বতে দিয়া Y কেটেগৰীৰ পৰা অজ্ঞাত কাৰণত বচ্চনৰ নিৰাপত্তা X শ্ৰেণীলৈ উন্নীত কৰা হৈছিল।
শ্বাহৰুখ খান
বলীউডৰ কিং খানৰ নাম অৰ্থাৎ শ্বাহৰুখ খানৰ নামো এই তালিকাত আছে। শ্বাহৰুখ খানৰ নিৰাপত্তাও উচ্চ পৰ্যায়ৰ। ‘পাথান’ আৰু ‘জৱান’ ছবি নিৰ্মাণ কৰি হত্যাৰ ভাবুকি পোৱাৰ পাছত অভিনেতাজনক Y+ নিৰাপত্তা দিয়া হৈছিল।
অক্ষয় কুমাৰ
খিলাড়ী কুমাৰ নামেৰে পৰিচিত বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ নামো এই তালিকাত আছে। অভিনেতা অক্ষয় কুমাৰক মৃত্যুৰ ভাবুকি দিয়াৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰে X+ নিৰাপত্তা প্ৰদান কৰিছিল।
কংগনা ৰানাৱত
বলীউডৰ বিখ্যাত অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱতৰ নামো এই তালিকাত আছে। ২০২০ চনত মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনাৰ সৈতে হোৱা সংঘৰ্ষৰ পিছত অভিনেত্ৰীগৰাকীক মোডী চৰকাৰে Y+ নিৰাপত্তা প্ৰদান কৰিছিল।
দীপিকা পাডুকন
সামাজিক মাধ্যমত লাভ কৰা বহু ভাবুকি আৰু ধমকিৰ পাছতে অভিনেত্ৰীগৰাকীক ৱাই কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰে চৰকাৰৰ ফালৰ পৰা।
অনুপম খেৰ
বলীউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবি মুক্তিৰ পিছত এক্স+ ছিকিউৰিটি লাভ কৰে। ২০২২ চনত অভিনেতাগৰাকীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছিল, তাৰ পিছত তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। অনুপম খেৰৰ লগতে সেই ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীকো ৱাই কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ