পূৰ্বৰ সকলো অভিলেখ ভংগ, বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন আনকি আমেৰিকাকো পিছ পেলালে ভাৰতে
ব্যয়ৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে লোকসভা নিৰ্বাচন ২০২৪-এ। এইবাৰৰ সাধাৰণ নিৰ্বাচন বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনত পৰিণত হৈছে। চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ তথ্য অনুসৰি ভাৰতত এটা ভোটৰ মূল্য ১৪০০ টকা হৈছেগৈ।
শাসকীয় বিজেপিৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীলৈকে সকলো ৰাজনৈতিক দলে ভোটাৰৰ হৃদয় জয় কৰিবলৈ কোনো ধৰণৰ অৱহেলা কৰা নাই। আনুমানিক হিচাপ অনুসৰি এই নির্বাচনত প্রায় এক লাখ কোটি টকা ব্যয় হৈছিল৷
একে সময়তে ২০১৯ চনৰ নিৰ্বাচনত ৫৫ হাজাৰৰ পৰা ৬০ হাজাৰ কোটি টকা খৰচ হৈছিল। এইবাৰ নিৰ্বাচনৰ বাবে মুঠ আনুমানিক ব্যয় ১.৩৫ লাখ কোটি টকা হ’ব পাৰে। এইবাৰৰ নিৰ্বাচনী ব্যয়ে আনকি ২০২০ চনৰ আমেৰিকাৰ নিৰ্বাচনকো পিছ পেলাইছে। আমেৰিকাৰ নিৰ্বাচনত ১.২ লাখ কোটি টকা ব্যয় হৈছিল।
ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ বাবে ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰিছিল। প্ৰতিজন সংসদ সদস্যই আইনগতভাৱে ৯৫ লাখ টকা পৰ্যন্ত ব্যয় কৰিব পাৰে, আনহাতে বিধানসভাৰ এজন সদস্যই ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰি ২৮ লাখৰ পৰা ৪০ লাখ টকাৰ ভিতৰত ব্যয় কৰিব পাৰে। অৰুণাচল প্ৰদেশৰ দৰে সৰু ৰাজ্যত সাংসদৰ বাবে ৭৫ লাখ আৰু বিধায়কৰ বাবে ২৮ লাখ টকাৰ সীমা। ২০২২ চনত এই সীমা সংশোধন কৰা হৈছিল।
কিন্তু ৰাজনৈতিক দলৰ ব্যয়ৰ কোনো সীমা নাই। ব্যয়ৰ সীমা ব্যক্তিগত প্ৰাৰ্থীৰ বাবেহে প্ৰযোজ্য যেতিয়া তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰে, আৰু ইয়াত ৰাজহুৱা সভা, ৰেলী, বিজ্ঞাপন আৰু পৰিবহণৰ দৰে প্ৰচাৰৰ খৰচো অন্তৰ্ভুক্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ