আজি ৯৩ আসনত, ১৩৫১ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা, ভোটদান সম্পন্ন মোদী-শ্বাহৰ
দেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধীনত দেশৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। যোৱা সাধাৰণ নিৰ্বাচনত গুজৰাট, কৰ্ণাটক, বিহাৰ, মধ্যপ্ৰদেশকে ধৰি অন্যান্য ৰাজ্যত অৱস্থিত এই সমষ্টিসমূহৰ অধিকাংশতে জয়লাভ কৰা বিজেপিৰ বাবে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো চাপত আছে।
আজিৰ ভোটগ্ৰহণৰ বাবে দেশৰ তৃতীয় পৰ্যায়ত মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। এই সকলো আসনতে মুঠ ১৩৫১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ইয়াৰে মাজত ১২০ গৰাকী মহিলা। আনহাতে আজিৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ভোটাৰৰ সংখ্যা ১১ কোটিতকৈও অধিক।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ভোটদানৰ বাবে গুজৰাটৰ আহমেদাবাদৰ ৰানিপৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে একেলগে মোদীৰ লগত। আহমেদাবাদৰ ৰাণীপত ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
নিৰ্বাচন আয়োগে জনোৱা মতে, ১.৮৫ লাখ ভোটকেন্দ্ৰত ৮.৮৫ কোটি পুৰুষ আৰু ৮.৩৯ কোটি মহিলাকে ধৰি ১৭.২৪ কোটিৰো অধিক ভোটাৰক আদৰণি জনোৱাৰ বাবে প্ৰায় ১৮.৫ লাখ ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হৈছে।
আজি তৃতীয় পৰ্যায়ত যিবোৰ আসনত নিৰ্বাচন অনুষ্ঠিত হৈ আছে সেইবোৰৰ ভিতৰত গুজৰাটৰ ২৫খন, কৰ্ণাটকৰ ১৪খন, মহাৰাষ্ট্ৰৰ ১১খন, উত্তৰ প্ৰদেশৰ ১০খন, মধ্যপ্ৰদেশৰ ৯খন, ছত্তীশগড়ৰ ৭খন, বিহাৰৰ ৫খন, পশ্চিমবংগ আৰু অসমৰ ৪খনকৈ আসন লগতে গোৱাৰ ২ খন আসন।
প্ৰথম দুটা পৰ্যায়ত লোকসভাৰ ৫৪৩খন আসনৰ ভিতৰত ১৮৯খন আসনত ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে। চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচন ক্ৰমে ১৩ মে’, ২০ মে’, ২৫ মে’ আৰু ১ জুনত অনুষ্ঠিত হ’ব। ৪ জুনত ভোটগণনা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ