৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য
বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ অহা ৮ এপ্ৰিল তাৰিখে হ’বলৈ গৈ আছে। বিগত ৫০ বছৰৰ মূৰত এইবাৰ সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ হ’ব। ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য। দিনতেই অন্ধকাৰ হৈ পৰিব সকলো।
চলিত চ’ত মাহৰ শেষৰটো অমাবশ্যাত হ’বলৈ গৈ আছে এই সূৰ্যগ্ৰহণ। ৰিপোৰ্ট অনুসৰি প্ৰায় ৭.৫ মিনিটৰ বাবে চন্দ্ৰৰ পাছত থাকিব সূৰ্য।
এইবাৰৰ এই পূৰ্ণ সূৰ্যগ্ৰহণত সূৰ্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব। যাৰ ফলত সন্ধ্যাৰ লেখিয়া অন্ধকাৰ নামিব ধৰাৰ বুকুত। গ্ৰহণৰ দিনা পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্ব সূৰ্যতকৈ প্ৰায় ১৫ কোটি কিলোমিটাৰ হ’ব। যাৰ ফলতেই বহু সময়লৈ সূৰ্য নোহোৱা হৈ পৰিব।
এয়া হ’ব এক বিৰল মহাজাগতিক ঘটনা। ইয়াৰ পূৰ্বে ১৯৭৩ চনত এইদৰে এক দীঘল সূৰ্যগ্ৰহণ হৈছিল।
কোন কোন ঠাইত দেখা পোৱা যাব এই গ্ৰহণ- এই বিৰল মহাজাগতিক ঘটনাৰ পৰা বঞ্চিত হ’ব ভাৰত। কিয়নো সেই সময়ত ভাৰতত ৰাতি হৈ থাকিব। অন্যহাতে উত্তৰ আমেৰিকা, মেক্সিকো, কানাডা, দক্ষিণ প্ৰশান্ত মহাসাগৰত পূৰ্ণ সূৰ্যগ্ৰহণ দেখা পোৱা যাব।
ভাৰতীয় সময় অনুসৰি ৮ এপ্ৰিলৰ নিশা ৯ বাজি ১২ মিনিটত আৰম্ভ হৈ ২ বাজি ২২ মিনিটলৈ থাকিব এই সূৰ্যগ্ৰহণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ