হিন্দুধৰ্ম অনুসৰি সপ্তাহৰ এটা এটা দিন এজন এজন দেৱতাৰ নামত নিবেদিত৷ ইয়াৰ মাজতেই বৃহস্পতিবাৰৰ দিনটো শ্ৰীবিষ্ণুৰ নামত উৎসৰ্গিত৷ প্ৰচলিত বিশ্বাস অনুসৰি ধাৰণা অনুসৰি ভাগ্য যদি আপোনাৰ সৈতে নাথাকে তেন্তে চেষ্টা কৰিও নিজৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিব৷ বিষ্ণুৰ উপাসনা কৰিলে মনোবাঞ্চা পূৰণ হ’ব৷ শাস্ত্ৰ অনুসৰি বিষ্ণু হৈছে এই পৃথিৱীৰ ৰক্ষাকৰ্তা৷ তেওঁক আৰাধনা কৰিলে সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰা সম্ভৱ৷ বিষ্ণুক নাৰায়ণ নামেৰেও মতা হয়৷ বিভিন্ন পুৰাণত শ্ৰীবিষ্ণুক সকলো সময়তেই নাৰায়ণ নামেৰে অভিহিত কৰা হয়৷ কিন্তু নাৰায়ণ নামৰ অৰ্থ কি?
কিয় নাৰায়ণ নামেৰে মতা হয় শ্ৰীবিষ্ণুক?
পদ্মপুৰাণ অনুসৰি পানীত বাস কৰে শ্ৰীবিষ্ণুয়ে৷ সেয়ে তেওঁৰ পৰম ভক্ত নাৰদে সকলো সময়তে তেওঁক নাৰায়ণ নামেৰেই অভিহিত কৰে৷ নাৰায়ণ শব্দৰ অৰ্থ, ‘যাৰ প্ৰথম আবাস পানী’৷ বিষ্ণু পুৰাণ অনুসৰি ক্ষীৰসাগৰত বাস কৰিছিল বিষ্ণুৱে৷ সেই কাৰণেই তেওঁৰ আন এক নাম নাৰায়ণ৷ সংস্কৃতত পানীক কোৱা হয় নীৰ৷ নাৰায়ণ শব্দটো আহিছে নৰ আৰু অয়ন এই দুটি শব্দৰ পাৰ৷ নীৰৰ পৰাই নৰ শব্দটো আহিছে৷ পানী যাৰ বাসস্তান তেঁৱেই নাৰায়ণ৷ ক্ষীৰসাগৰত বাস কৰে বাবেই বিষ্ণুৰ আৰু এক নাম নাৰায়ণ৷
বিষ্ণু নামৰ অৰ্থ
বিষ্ণু নামৰ অৰ্থ হৈছে যাৰ চকু পদ্মফুলৰ দৰে৷ শ্ৰীবিষ্ণুৰ চকুদুটি পদ্মফুলৰ দৰেই সুন্দৰ৷ সেয়ে তেওঁৰ চকুক পদ্মলোচন বুলিও কোৱা হয়৷ বিষ্ণুৰ চাৰি হাতত থাকে শঙ্খ, চক্ৰ, গদা আৰু পদ্ম৷
হৰি নামৰ অৰ্থ
বিষ্ণু হৈছে বিশ্বৰ ৰক্ষাকৰ্তা৷ তেওঁ সকলোৰে পৰা সকলো দুখ হৰণ কৰি লয়৷ সকলোৱে দুখত তেওঁৰ নাম লয় বাবেই তেওঁৰ নাম হৰি৷
অচ্যুৎ নামৰ অৰ্থ
শ্ৰীবিষ্ণুৰ আৰু এক নাম হৈছে অচ্যুত৷ এই নামৰ অৰ্থ স্বৰ্গীয় পুৰুষ, তেওঁ অমৰ আৰু যাক কোনোৱে কোনো ধৰণে ধ্বংস কৰিব নোৱাৰে৷
পুৰুষোত্তম নামৰ অৰ্থ
শ্রীবিষ্ণুক পুৰুষোত্তম নামেৰেও অভিহিত কৰা হয়৷ পুৰুষোত্তম নামৰ অৰ্থ, যিয়ে সকলো পুৰুষৰ মাজত সৰ্বোপ্ৰকাৰে উত্তম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ