বনজুইৰ বিধ্বংসী ৰূপ, ১০ হাজাৰৰো অধিক ঘৰ জুইত জাহ, ১০ লোক নিহত
আমেৰিকাৰ দক্ষিণ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ বনাঞ্চলৰ অগ্নিকাণ্ড অধিক ভয়াৱহ হৈ পৰিছে। ঘন বনৰ পৰা আৰম্ভ কৰি জুইৰ শিখাই আগুৰি ধৰিছে আৱাসিক অঞ্চলসমূহো। পৰিস্থিতি এনেকুৱা যে এতিয়ালৈকে ১০ জন লোকৰ মৃত্যু হৈছে। আনহাতে ১০ হাজাৰতকৈ অধিক আবাসগৃহ এই জুইত জাহ গৈছে।
হলিউড হিলছৰ পৰা পেচিফিক পেলিছাডছ আৰু পাছাডেনাৰ পৰা ইটনলৈকে এই অগ্নিকাণ্ডই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ঘৰৰ পৰা প্ৰাণ লৈ পলায়ন কৰিছে বহু মানুহ।
তাতে আকৌ বতাহৰ বাবে জুইৰ কোব বাঢ়িছে বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নিনিৰ্বাপনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে।
কেলিফৰ্ণিয়াৰ বিষয়াসকলে নিশ্চিত কৰিছে যে এই অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে। অগ্নিনিৰ্বাপক বাহিনীৰ জনসংযোগ বিষয়া কাৰ্লোছ হেৰেৰাই জনোৱা মতে, ইটনত সংঘটিত হোৱা অগ্নিকাণ্ডত পাঁচজন লোকৰ মৃত্যু হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ মুখপাত্ৰ মাৰ্গাৰেট ষ্টুৱেৰ্টে জনোৱা মতে, পেচিফিক পেলিছেডছৰ পশ্চিম দিশত সংঘটিত হোৱা অগ্নিকাণ্ডত দুজন লোকৰ মৃত্যু হৈছে। আন তিনিজন লোকে প্ৰাণ হেৰুৱাইছে এই অগ্নিকাণ্ডত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ