অসম লাইভ ২৪ঃ চাৰি মাহ পূৰ্বে এগৰাকী যুৱতীয়ে নিজৰ ইচ্ছা অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল নিজৰ প্ৰেমিকৰ সৈতে৷ বিগত চাৰি মাহে দুয়োৰে সংসাৰ সুখেৰে চলে৷ স্বামীৰ ঘৰ বিহাৰৰ মিৰ্জাপুৰত৷ পেচাত অ’টোচালক স্বামীৰ নাম বিশ্বজিৎ ভগত৷ পত্নী চম্পাৰ ঘৰ বখতিয়াৰপুৰত৷ কিন্তু বিয়াৰ দুমাহ পাছতে দুয়োৰ সংসাৰত এণ্ট্ৰী হয় অভিৰাজ নামৰ এজনৰ যুৱকৰ৷ অভিৰাজ চম্পাৰ পুৰণি প্ৰেমিক৷ বিশ্বজিতৰ পত্নী চম্পাই পুৰণি প্ৰেমিক অভিৰাজৰ সৈতে সম্পৰ্ক কৰিবলৈ ল’লে৷ এদিন দুদিনকৈ দুমাহ পাৰ হ’ল৷ সেই কথা পৰিয়ালৰ কোনো লোকে গম নাপালে৷ কিন্তু দেওবাৰে নিশা প্ৰেমিক অভিৰাজে চম্পাক লগ কৰিবলৈ মিৰ্জাপুৰত উপস্থিত হয়৷ চম্পায়ো প্ৰেমিকক লগ ধৰিবলৈ নিশা ঘৰৰ বাহৰিলৈ আহে, আৰু লগ কৰে৷ কিন্তু দুয়োকে সেই অৱস্থাত গাঁওবাসীয়ে দেখা পায় আৰু দুয়োকে আবদ্ধ কৰি পৰিয়ালক খবৰ দিয়ে৷ ঘটনা বনজুইৰ দৰে বিয়পি পৰে৷ দুয়োকে চাবলৈ ৰাইজ গোট খায়৷ দুয়োৰে পৰিয়ালৰ লোকো উপস্থিত হয়৷ দুয়োকে এই বিষয়ত প্ৰশ্ন কৰাত ইজনে আনজনক ভালপোৱা বুলি গাঁওবাসীৰ আগত স্বীকাৰ কৰে আৰু বিবাহপাশত আবদ্ধ হ’বলৈ ইচ্ছুক বুলিও কয়৷ আনকি লিখিত ৰূপতো এই কথা দুয়ো প্ৰকাশ কৰে৷ পিছত গাঁওবাসী আৰু পৰিয়ালৰ উপস্থতিতি স্বামীৰ চোতালে প্ৰমিক অভিৰাজৰ সৈতে চম্পাৰ দ্বিতীয় বিবাহ সম্পন্ন হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ