অসম লাইভ২৪ঃ অসমবাসী ৰৈ আছিল। ছোৱালীজনীয়ে কিবা এটা কৰি দেখুওৱাব। অসমবাসীৰ বাবে নিশ্চয় ভালখবৰেই কঢ়িয়াই আনিব। দেওবাৰটোলৈকে হেঁপাহ বাঢ়িছিল। সকলোৰে হেঁপাহক পূৰ্ণতা দি লাভলীনাই আঁজুৰি আনিলে স্বৰ্ণ। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভ কৰা সফলতাক লৈ উৎফুল্লিত লাভলীনা বৰগোহাঁই। উৎফুল্লিত সমূহ অসমবাসীও।
জর্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নতুন ওজন শাখাত স্বর্ণপদক জয় কৰিবলৈ সক্ষম হৈছে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে।
উল্লেখ্য যে নতুন ওজন শাখাত প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত লাভলীনাই ভাগ লৈছিল। টকিঅ’ অলিম্পিকৰ ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনাই ইভেন্ট সলনি কৰি ভাগ লৈছিল ৭৫ কেজি শাখাত কিয়নো পেৰিছ অলিম্পিকত মহিলাৰ শাখাত নাথাকিব ৬৯ কেজি শাখা।
প্ৰথমবাৰলৈ ৭৫ কেজি শাখাত খেলি স্বৰ্ণ জয় কৰিছে লাভলীনা বৰগোহাঁইয়ে। লাভলীনাৰ হাতত ফাইনেলত পৰাস্ত হয় অষ্ট্রেলিয়াৰ প্রতিদ্বন্দ্বী। কেটলিন পাৰ্কাৰক হৰুৱাই এই স্বৰ্ণ আঁজুৰি আনিছে লাভলীনাই। অসমৰ প্রথমগৰাকী বক্সাৰ হিচাপে এই স্বৰ্ণ জয় লাভলীনাৰ। পূৰ্বতে লাভলীনাই দুবাৰকৈ জয় কৰিছিল ব্রঞ্জৰ পদক আৰু এইবাৰ লাভলীনা উপনীত হল চূড়ান্ত লক্ষ্যত।
এই সাফল্যৰ পিছতেই লাভলীনাই কয়, ‘এই স্বৰ্ণপদকে মোক ফৰ্ম ঘূৰাই পোৱাত সহায় কৰিব। এই সাফল্যই মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। এই স্বৰ্ণ মোৰ বাবে অতিকৈ প্ৰয়োজন আছিল। নতুন ওজন শাখাত মোৰ এইটো প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল আৰু তাতেই মই স্বর্ণপদক জয় কৰিছোঁ। সেয়ে গম পাইছোঁ যে সঠিক পথতে আগবাঢ়িছোঁ মই।’
উল্লেখ্য যে, আম্মানত ভাৰতৰ বক্সাৰে চাৰিটা স্বৰ্ণ, দুটা ৰূপৰ আৰু ছটা ব্ৰঞ্জৰ পদক দখল কৰিছে। আনহাতে, প্রতিযোগিতাখনত ভাগ লোৱা অসমৰ শিৱ থাপাই (৬৩.৫ কেজি) পুৰুষৰ শাখাত ৰূপৰ পদক দখল কৰাৰ বিপৰীতে মহিলাৰ শাখাত অংকুশিতা বড়োৱে (৬৬ কেজি) ব্ৰঞ্জৰ পদক লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ