অসম লাইভ২৪ঃ পাপৰি বৰা নামৰ এগৰাকী মহিলাই দিয়া এটা ফেছবুক পষ্টৰ পিছতেই ৰাজ্যজুৰি চৰ্চাত প্ৰৱঞ্চক স্বামী দেৱাশীষ সৰকাৰ। মিছা কথাৰে কেইবাটাও জীৱন এতিয়ালৈকে ধ্বংস কৰা দেৱাশীষে কেনেকৈ যুৱতীক প্ৰৱঞ্চনা কৰিছে সকলোবোৰেই পোহৰলৈ আহিছে। পত্নী সন্তান থাকিও পুনৰ বিবাহ কৰোৱা দেৱাশীষে কেনেকৈ দ্বিতীয় পত্নী গৰ্ভৱতী হোৱাৰ পাছত গৰ্ভপাত কৰাবলৈ হেঁচা প্ৰয়োগ কৰিছিল সকলোবোৰেই এতিয়া পোহৰলৈ আহিছে। পত্নীক অশ্ৰাৱ্য গালি গালাজ কৰাৰো এটা অডিঅ’ শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে।
দ্বিতীয় পত্নীয়ে সকলোবোৰ উদঙাই দিয়াৰ পাছতেই দেৱাশীষক বহুতেই এখন চিনাকী মুখ বুলিও দাবী কৰিছে। কিয়নো দেৱাশীষ ৰিয়েল লাইফতেই যে এজন ভাৱৰীয়া তেনে নহয় ৰীল লাইফটো অভিনয় ভালেই কৰে দেৱাশীষে। দীপলিনা ডেকাৰ জনপ্ৰিয় গীত পুতলাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল দেৱাশীষে। পুতলাৰ পৰাই জনপ্ৰিয় হৈ পৰা দেৱাশীষৰ প্ৰৱঞ্চনাৰ জালখন মেলাটো বেছিয়েই সহজ হৈ পৰে। ন ন যুৱতীৰ সৈতে প্ৰেমৰ জালখন মেলি অৱশেষত প্ৰকৃত মুখা খোল খাইছে দেৱাশীষৰ।
পত্নীয়ে সংবাদ মাধ্যমৰ লগতে আৰক্ষীৰ কাষ চপাত দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিছে অভিযুক্ত দেৱাশিষ সৰকাৰে। কেমেৰাৰ সন্মুখতো কথাৰ শালীনতা নথকা দেৱাশীষে, পত্নীয়ে অনা সকলো অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে৷ দেৱাশীষৰ অভিযোগ- পত্নীৰ আছিল বিবাহ বৰ্হিভুত সম্পৰ্ক৷ কিন্তু অভিযোগ আনিলেওকোনো সঠিক তথ্য ৰাজহুৱা কৰিব নোৱাৰিলে দেৱাশিষে। কেৱল মুখৰ কথাৰেই পত্নী অভিযোগ নস্যাৎ কৰিবলৈ চেষ্টা চলাইছে দেৱাশীষে৷ ইপিনে প্ৰথমা পত্নীকো চিনি নাপাও বুলি দাবী দেৱাশীষৰ।
উল্লেখ্য যে, দীপলিনা ডেকাৰ পুতলা শীৰ্ষক গানটোত অভিনয় কৰাৰ লগতে গানটোৰ ভিডিঅৰ প্ৰযোজনাও কৰিছিল দেৱাশীষে। গানটোত মুখ্য চৰিত্ৰত আছিল দেৱশীষ নিজে। দেৱাশীষৰ বিপৰীতে আছিল মুখ্য চৰিত্ৰত অভিনয় কৰিছিল প্ৰিয়ম পল্লৱীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ