• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

1 month ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

23 minutes ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

41 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

1 hour ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

2 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

4 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

6 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

শ্বৰ্মিলা ধনখড়, ঝাণ্ডু কুমাৰেও অংশ ল'ব অনুষ্ঠানত

editor by editor
August 17, 2026
in ক্ৰীড়া, চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা
0
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কমনৱেলথ গেমছ ২০২৬ত দেশৰ বাবে পদক জয় কৰি চৰ্চালৈ অহা তিনিগৰাকী ভাৰতীয় ক্ৰীড়াবিদ— শ্বর্মিলা ধনখড়, লাভলীনা বৰগোহাঁই আৰু ঝণ্ডু কুমাৰক এইবাৰ জনপ্ৰিয় কুইজ শ্ব’ ‘কৌন বনেগা ক্ৰোড়পতি’ (KBC)ৰ হট ছিটত বলীউডৰ মহাতাৰকা তথা কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ সন্মুখত দেখা যাব।

তিনিওগৰাকী পদক বিজেতাই অমিতাভ বচ্চনৰ সন্মুখত KBCৰ আইকনিক ‘হট ছিট’ত বহাৰ সুযোগ লাভ কৰিব। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ৰ পদক বিজেতাসকলক লৈ বিশেষভাৱে প্ৰস্তুত কৰা এই খণ্ডটো সোনকালেই সম্প্ৰচাৰ হোৱাৰ সম্ভাৱনা আছে। এই বিশেষ খণ্ডত ক্ৰীড়াবিদ তিনিগৰাকীয়ে কেৱল তেওঁলোকৰ ক্ৰীড়া সফলতাৰ কথাই নহয়, জীৱনসংগ্ৰাম, বাধা-বিঘিনি আৰু সপোন পূৰণৰ যাত্ৰাৰ কথাও দৰ্শকৰ সৈতে ভাগ-বতৰা কৰিব।

শ্বর্মিলা ধনখড়

পেৰা-এথলীট শ্বর্মিলা ধনখড়ে কমনৱেলথ গেমছ ২০২৬ৰ F57 শ্বট পুট ইভেণ্টত স্বৰ্ণ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁৰ জীৱন কাহিনী বিশেষভাৱে অনুপ্ৰেৰণাদায়ক। ঘৰুৱা হিংসাৰ দৰে কঠিন পৰিস্থিতিৰ পৰা ওলাই আহি ক্ৰীড়াৰ জৰিয়তে নিজৰ পৰিচয় গঢ়ি তোলা শ্বর্মিলা আজি দেশৰ বহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰিছে যে জীৱনত যিমানেই প্ৰতিকূলতা নাহক কিয়, দৃঢ় সংকল্প আৰু পৰিশ্ৰমেৰে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰি।

লাভলীনা বৰগোহাঁই

অসমৰ গৌৰৱ তথা ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁয়েও কমনৱেলথ গেমছ ২০২৬ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত তেওঁ ৰূপৰ পদক জয় কৰে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইতিমধ্যে নিজৰ দক্ষতাৰ পৰিচয় দিয়া লাভলীনাৰ বাবে এই পদক আছিল আন এক উল্লেখযোগ্য সফলতা। KBCৰ মঞ্চত তেওঁৰ ক্ৰীড়া জীৱনৰ অভিজ্ঞতা আৰু সফলতাৰ আঁৰৰ কঠোৰ পৰিশ্ৰমৰ কাহিনী শুনিবলৈ পোৱাৰ সম্ভাৱনা আছে। অনুষ্ঠানটোতে লাভলীনা বৰগোহাঁয়ে অমিতাভ বচ্চনক এখন গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অসম গৌৰৱ গঁড়ৰ এটা প্ৰতিকৃতিও উপহাৰস্বৰূপে আগবঢ়ায়।

ঝণ্ডু কুমাৰ

পেৰা-পাৱাৰলিফ্টাৰ ঝণ্ডু কুমাৰেও কমনৱেলথ গেমছ ২০২৬ত দেশৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ হেভিৱেট শাখাত তেওঁ ১৯০ কিলোগ্ৰামৰ শ্ৰেষ্ঠ লিফ্ট প্ৰদৰ্শন কৰে, যিটো ১৩০.৯ পইণ্টৰ সমান আছিল। তেওঁৰ এই প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনত প্ৰথমটো পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ঝণ্ডু কুমাৰৰ সফলতাও কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ এক উৎকৃষ্ট উদাহৰণ।

KBCৰ হট ছিটত শ্বর্মিলা ধনখড়, লাভলীনা বৰগোহাঁই আৰু ঝণ্ডু কুমাৰৰ উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক বিশেষ কৰি তুলিব বুলি আশা কৰা হৈছে। তেওঁলোকৰ জীৱনসংগ্ৰাম আৰু সফলতাৰ কাহিনীয়ে বিশেষকৈ দেশৰ যুৱ প্ৰজন্মক নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ নতুন উৎসাহ আৰু সাহস যোগাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amitabh Bachanasom live24Lovleena Borgohain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন
বিনোদন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

September 27, 2026
Next Post
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.