অসম লাইভ ২৪ঃ অসমৰ ক্ৰীড়া জগতলৈ সু-খবৰ। অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাইৰ। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে লাভলিনাই। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হৈছে লাভলিনা বৰগোঁহাই। লাভলিনাৰ এই সাফল্যত টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰযোগে তেঁওকয়, ‘আমাৰ বাবে অতি গৌৰৱ আৰু আনন্দৰ বিষয় যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলিনা বৰগোঁহাই অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ। লাভলিনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো’।
A matter of great joy and pride for us as @LovlinaBorgohai becomes the first woman pugilist from Assam to qualify for the #Olympics.
My heartiest Congratulations to you Lovlina. You have our finest wishes for the big moment.
May you continue to shine and succeed. pic.twitter.com/DVqP5EbaI2
— Himanta Biswa Sarma (@himantabiswa) June 10, 2021
চলিত বৰ্ষৰ জুলাই- আগষ্ট মাহত টকিঅ’ অলিম্পিক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও শুভেচ্ছা জ্ঞাপন কৰে লাভলিনাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ