এল পি জি গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এল পি জি ৰন্ধন গেছৰ যোগান বজাই ৰাখিবলৈ ই-কে ৱাই চি কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে হাতত বেছি সময় বাকী নাই। ই-কে ৱাই চি ১৬ আগষ্টৰ ভিতৰত কৰিব লাগিব। কোনোৱে যদি ই কে ৱাই চি নকৰে তেন্তে তেওঁ চৰম সমস্যাৰ সন্মুখীন হ’ব পাৰে।
গেছ চিলিণ্ডাৰৰ যোগান ধৰি ৰাখিবলৈ আৰু ৰাজসাহায্য অব্যাহত ৰাখিবলৈ এল পি জি গ্ৰাহকৰ বাবে ই-কে ৱাই চি বাধ্যতামূলক বুলি দেশৰ তেল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। ই-কেৱাইচি দুটা ধৰণে কৰিব পাৰি – অনলাইন আৰু অফলাইন।
মূলতঃ সমগ্ৰ দেশৰ এল পি জি গ্ৰাহকসকলক অভিলেখ ৰখা আৰু ক’লা বজাৰ বন্ধ কৰিবলৈ ই-কে ৱাই চি সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গেছ এজেন্সীসমূহে গ্ৰাহকক ফোন কৰি, এছএমএছ প্ৰেৰণ কৰি আৰু জাননী জাৰি কৰি এই বিষয়ে অৱগত কৰিছে। ই-কেৱাইচি সম্পন্ন কৰাৰ শেষ তাৰিখ ১৬ আগষ্ট।এই সময়সীমাৰ ভিতৰত ই-কেৱাইচি সম্পূৰ্ণ নহ’লে সেৱাত ব্যাঘাত জন্মিব পাৰে।
ই-কে ৱাই চি কেনেকৈ কৰিব?
- গেছ এজেন্সীলৈ গৈ ই-কেৱাইচি কৰিব পাৰিব। ইয়াৰ বাবে
- আধাৰ কাৰ্ড আৰু গেছ সংযোগৰ পাছবুক লৈ আপোনাৰ গেছ এজেন্সীলৈ যাওক।
- আধাৰ নম্বৰৰ ভিত্তিত আপোনাৰ তথ্য ল’ব কৰ্মচাৰীসকলে।
- আপোনাৰ আঙুলিৰ ছাপ (বায়’মেট্ৰিক্স) স্কেন কৰি ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।
অনলাইনত ই-কেৱাইচি কেনেকৈ কৰিব?
- ই-কেৱাইচি স্মাৰ্টফোনতো কৰিব পাৰিব। যদি আপুনি কোনো গেছ এজেন্সীলৈ গৈ লাইনত থিয় হ’ব নিবিচাৰে তেন্তে ঘৰৰ পৰাই ই-কেৱাইচি কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে আপোনাৰ সেৱা প্ৰদানকাৰী অৰ্থাৎ ইন্দানে, ভাৰত গেছ বা এইচ পি গেছৰ অফিচিয়েল ৱেবছাইট বা মোবাইল এপলৈ যাওক।
- আপোনাৰ একাউণ্টত লগ ইন কৰক।
- ‘eKYC’ বা ‘KYC Update’ বিকল্পত ক্লিক কৰক।
- এতিয়া আপোনাৰ এল পি জি চাবস্ক্ৰাইবাৰ নম্বৰ, পঞ্জীয়নভুক্ত মোবাইল নম্বৰ, আধাৰ নম্বৰ দিয়ক।
- তাৰ পিছত OTP পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
- যদি আপুনি আপোনাৰ মোবাইলত অ’টিপি প্ৰৱেশ কৰে তেন্তে ই-কেৱাইচি সম্পূৰ্ণ হ’ব।
কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব?
- আধাৰ কাৰ্ড
- গেছ সংযোগ পাছবুক বা এল পি জি গ্ৰাহক নম্বৰ
- আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















