লোমহৰ্ষক, বাধ্যত পৰি পিতা-পুত্ৰই মাতৃ আৰু ৪ গৰাকীকৈ ভগ্নীক পঠালে সিপুৰি
২০২৫ চনৰ ১ জানুৱাৰীৰ দিনাই দেশ কঁপাই যোৱা এক ঘটনা পোহৰলৈ আহিছে। পিতা-পুত্ৰই মিলি একেলগতে হত্যা কৰে মাতৃ আৰু চাৰিগৰাকীকৈ ভগ্নী। লগেত নিজেই গৈ থানাত উপস্থিতো হয় হত্যাকাৰী ভাতৃ। আৰক্ষীৰ আগত ভাষ্য দিয়ে- বাধ্যত পৰি সংঘটিত কৰে এই হত্যাকাণ্ড।
উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। এই ঘটনাত একেলগে প্ৰাণ হেৰুৱাই একেখন ঘৰৰে ৫ গৰাকী মহিলাই। মাতৃৰ লগতে ৪ ভগ্নীয়ে প্ৰাণ হেৰুৱাই নিজৰেই পিতৃ আৰু ভাতৃৰ হাতত।
উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত নৱবৰ্ষৰ প্ৰথম দিনাই এই হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে, য’ত এজন লোকে নিজৰ মাতৃ আৰু চাৰিগৰাকী ভগ্নীক নিৰ্মমভাৱে হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰা আৰছাদক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এই ঘটনা সংঘটিত কৰাৰ বাবে আৰ্শ্বাদে পিতৃ-মাতৃ আৰু চাৰি ভনীয়েকক লক্ষ্ণৌ ভ্ৰমণ কৰিবলৈ নিয়ে। আটাইকেইজনেই মূলতঃ আগ্ৰাৰ বাসিন্দা। আৰছাদে আৰক্ষীক জনোৱা মতে, হত্যাকাণ্ডৰ সময়ত পিতৃয়ো ঘটনাস্থলীত উপস্থিত আছিল। পিতৃয়েও সহায় কৰি দিছিল এই হত্যাকাণ্ডত।
পাছত পিতৃ আৰপ পুত্ৰ একেলগে ওলাই আহিছিল হোটেলৰ পৰা। কিন্তু পিতৃ যায় এটা ফালে পুত্ৰ যায় থানালৈ। বৰ্তমান আৰক্ষী ব্যস্ত পিতৃৰ সন্ধানত।
হোটেলখনৰ মেনেজাৰে কয় যে, পৰিয়ালটোৱে ৩০ তাৰিখে হোটেলখনত চেক ইন কৰিছিল। আজি কালি নিশাই সংঘটিত হোৱা এই ঘটনা আজি পুৱাহে জানিব পাৰে যে পুত্ৰই মাক আৰু চাৰিজনী ভনীয়েকক হত্যা কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পুত্ৰক।
প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্ত আৰ্শ্বাদে নিজৰ চাৰিগৰাকী ভগ্নী আৰু মাতৃক হত্যা কৰাৰ ঘটনা স্বীকাৰ কৰি কয় যে, এই হত্যাকাণ্ডৰ মূলতে মাতৃ-ভগ্নীক ৰক্ষা কৰা। কাৰণ স্থানীয় ৰাইজে তেওঁৰ পৰিয়ালক হাৰাশাস্তি কৰে বুলি উল্লেখ কৰে।
সেয়ে আৰ্শ্বাদৰ ভয় হৈছিল যে যদি তেওঁৰ কিবা এটা হয়, মাক আৰু ভনীয়েকৰ কি হ’ব? অন্য লোকে কেউগৰাকীকে দেহব্যৱসায়ৰ ওচৰত বিক্ৰী কৰি দিব। সেয়ে তেনে কোনো ঘটনা হোৱাৰ পূৰ্বেই সকলোকে হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ