আগন্তুক সোমবাৰ ১৩ অক্টোবৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহ কন্যা ৰাশি এৰি তুলা ৰাশিত গোচৰ কৰিব সূৰ্যই৷ তাত পূৰ্বৰে পৰাই অৱস্থান কৰিছে বুধে৷ সূৰ্য আৰু বুধৰ মিলনৰ ফলত তুলা ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ বৈদিক জ্যোতিষ অনুসৰি বুধ আৰু সূৰ্য একত্ৰ হ’লে জাতকৰ জ্ঞান, বুদ্ধি, সন্মান আৰু সম্পদ বৃদ্ধি পায়৷ আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত উন্নতিৰ এটাৰ পাছত আনটো সুযোগ পাব৷ জানি থওক ১৩ ৰ পৰা ১৯অক্টোবৰৰ ভিতৰত আগন্তুক সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
আগন্তুক সপ্তাহত সুখ আৰু সৌভাগ্য লৈ আহিছে বৃষ ৰাশিৰ জাতকৰ বাবে৷ নতুন সপ্তাহত আপুনি মাটি ঘৰৰ পৰা লাভৱান হ’ব পাৰে৷ ডাঙৰ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাৱি লওক৷ বহু দিন ধৰি নতুন মাটি বা ঘৰ ক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে৷
কৰ্কট ৰাশি
১৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সপ্তাহ শুভ আৰু লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ নিজৰ সময় আৰু এনাৰ্জি যথাযথভাৱে ব্যৱহাৰ কৰিলে সাফল্য পাব৷ কোনো পৰিকল্পনা অবিহনেই ডাঙৰ কোৱো কাম সম্পূৰ্ণ কৰিব পাৰে৷ অফিচত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সহায় পাব৷
ধনু ৰাশি
নতুন সপ্তাহত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই নিজৰ পৰিকল্পনামতে সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰে৷ ঘনিষ্ঠ বন্ধুৰ সহায় পাব৷ নতুন ঘৰ কিনিব পাৰে বা উপহাৰ পাব পাৰে৷ বিৰোধীয়ে চেষ্টা কৰিও আপোনাৰ ক্ষতি কৰিব নোৱাৰিব৷ পৈতৃক সম্পত্তিত জটিলতা দূৰ হ’ব৷
কুম্ভ ৰাশি
অক্টোবৰৰ এই সপ্তাহত নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল পাব কুম্ভ ৰাশিৰ জাতকে৷ স্বাস্থ্য আৰু পাৰিবাৰিক সম্পৰ্ক ভালে থাকিব৷ পৰিয়ালৰ কাৰোবাৰ কথা আঘাত পাব পাৰে৷ কিন্তু প্ৰতিক্ৰিয়া নিদিয়াটোৱেই ভাল, ইয়াত পৰিস্থিতি আৰু বেয়া হ’ব পাৰে৷ হাতলৈ অহা সুযোগৰ সদ্ব্যৱহাৰ কৰক৷
মীন ৰাশি
বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত নতুন সপ্তাহত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ উপাৰ্জন বাঢ়িব পাৰে৷ সকলো কামতে উৎসাহ আৰু এনাৰ্জি পাব৷ আৰ্থিক ভাৱে লাভ কৰাৰ একাধিক পথ আপোনাৰ সন্মুখত খুলি যাব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যক কাষত পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















