কৰ্কট ৰাশি
আজি কৰ্কট ৰাশিৰ জাতকে ব্যৱসায়ত নতুন দিশত আগবাঢ়িব৷ আত্মবিশ্বাস বাঢ়িব৷ নিজৰ নেতৃত্বগুণ আৰু ব্যৱস্থাপনা দক্ষতাৰ মাধ্যমেৰে লাভৱান হব৷ পানী, চিকিৎসা, শিক্ষা আৰু পৰিসেৱা সংক্ৰান্তিয় কামত যুক্ত ব্যক্তিয়ে বিশেষ লাভ পাব৷ শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটোত সুখবৰ আহিব পাৰে৷ বিশেষকৈ যিসকলে কলা বা সংস্কৃতিৰ সৈতে যুক্ত তেওঁলোকৰ লাভ হ’ব পাৰে৷ যিসকলৰ পেটৰ সমস্যা আছে, তেওঁলোকে কিছু আৰাম পাব পাৰে৷ পাৰিবাৰিক পৰিবেশ আনন্দময় থাকিব৷ সন্তানৰ পৰা ভাল খবৰ আহিব৷ মানসিক চাপ কমিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো চাৰিওফালৰ পৰা লাভৰ সম্ভাৱনা আছে৷ আয়ৰ একাধিক উৎসৰ পৰা লাভ হব পাৰে৷ ভায়েক ভনীয়েক আৰু বন্ধুৰ সহায় লাভ কৰিব৷ পুৰণি কোনো বিনিয়োগৰ পৰা মুনাফা আহিব পাৰে৷ যিসকলে মাৰ্কেটিং, অনলাইন ব্যৱসায় বা ট্ৰেডিংৰ সৈতে যুক্ত তেঁওলোকৰ সফলতা নিশ্চিত৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব৷ বিলাসিতাৰ ওপৰত ব্যয় হব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো অত্যন্ত সৌভাগ্যময়৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷ অফিচত উচ্চপদস্থসকলৰ সহায়তা লাভ কৰিব৷ দীৰ্ঘদিন ধৰি কোনো সমস্যাত ভূগি থাকিলে সেই সমস্যাৰ সমাধান হব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত আপোনাৰ কদৰ বাঢ়িব৷ পৰিচিতসকলৰ মাধ্যমেৰে লাভৱান হব পাৰে৷ প্ৰশাসনিক, ৰাজনৈতিক বা মেনেজমেণ্টৰ সৈতে যুক্ত ব্যক্তিয়ে বিশেষ সুবিধা পাব৷ সামাজিক সন্মান বাঢ়িব৷ প্ৰেমৰ জীৱনত উত্তেজনা থাকিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে ৩ মেৰ দিনটো প্ৰত্যাশাতকৈ বেছি লাভ পাব৷ বিশেষকৈ যিসকলে পাৰ্টনাৰচিপৰ কাম কৰিছে তেওঁলোকে দ্বিগুণ মুনাফা পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ