১মে’ৰ পৰা গ্ৰামীণ বেংকৰ সংখ্যা ৪৩ৰ পৰা কমাই ২৮কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ চৰকাৰে এক ৰাজ্য এক আৰ আৰ বি নীতিত সেউজ সংকেত দিয়াৰ পাছতেই এই সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে৷ কোনোৱে যদি দেশৰ এই ৪৩টা আঞ্চলিক বেংকৰ গ্ৰাহক তেন্তে সেইসকলৰ ধন কি হ’ব? ৪৩ টা বিশেষ বেংকৰ আটাইকেইটাই আছে অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ, গুজৰাট, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ৰাজস্থানত৷
আঞ্চলিক বেংকসমূহৰ পৰিসেৱা আৰু ভাল কৰাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে৷ গ্ৰামীন এলেকাৰ বেংকিং পৰিসেৱা আৰু উন্নত আৰু নিৰ্ভৰযোগ্য কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১১ খন ৰাজ্যত পৰিচালিত ১৫ টা আঞ্চলিক গ্ৰামীন বেংক RRBৰ একীভূত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই সিদ্ধান্তৰ পাছতেই ১ মে ২০২৫ৰ পৰা দেশত RRBৰ সংখ্যা ৪৩ৰ পৰা কমি ২৮লৈ আহিছে৷
কোন ৰাজ্যসমূহ একীভূত হ’ব?
বিজ্ঞাপ্তি অনুসৰি, অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ, গুজৰাট, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ৰাজস্থানসহ প্ৰতিখন ৰাজ্যত কেৱল এটা RRB বেংক থাকিব৷ প্ৰতিখন ৰাজ্যত থকা সমস্ত RRBএখনত একীভূত কৰি এক শক্তিশালী বেংক তৈয়াৰ হব যিয়ে গ্ৰামীন এলেকাৰ বেংকিং পৰিসেৱা প্ৰদানৰ বাবে কাম কৰিব৷ একীভূতকৰণ কেনেকৈ হ’ব?
১. চৈতন্য গোদাবৰী গ্ৰামীন বেংক, অন্ধ্ৰ প্ৰগতি গ্ৰামীন বেংক, সপ্তগিৰি গ্ৰামীণ বেংক, অন্ধ্ৰপ্ৰদেশ গ্ৰামীণ বিকাশ বেংকক একীভূত কৰি অন্ধ্ৰপ্ৰদেশ গ্ৰামীণ বেংক গঠিত হব৷ ইয়াৰ প্ৰধান কাৰ্যালয় হব অমৰাবতীত আৰু পৃষ্ঠপোষক বেংক হব ইউনিয়ন বেংক অফ ইণ্ডিয়া৷
২. বৰোদা ইউ পি বেংক, আৰ্যাবৰ্ত বেংক আৰু ইউপি গ্ৰামীণ বেংক একত্ৰিত হৈ গ্ৰামীণ বেংক তৈয়াৰ হব৷ যাৰ প্ৰধান কাৰ্যালয় হব লক্ষ্ণৌত৷
৩. পশ্চিমবংগত বঙ্গীয় গ্ৰামীণ বিকাশ বেংক, পশ্চিমবংগ গ্ৰামীণ বেংক আৰু উত্তৰবংগ আঞ্চলিক গ্ৰামীণ বেংক একত্ৰিত হৈ পশ্চিমবংগ গ্ৰামীণ বেংক গঠন কৰা হব৷
৪. বিহাৰত দক্ষিণ বিহাৰ গ্ৰামীণ বেংক আৰু উত্তৰ বিহাৰ গ্ৰামীণ বেংকক একীভূত কৰি বিহাৰ গ্ৰামীণ বেংক গঠন কৰা হব৷ পৃষ্ঠপোষক হব পঞ্জাৱ নেশ্ব্যনেল বেংক৷
৫. গুজৰাটত, বৰোদা গুজৰাট গ্ৰামীণ বেংক আৰু সৌৰাষ্ট্ৰ গ্ৰামীণ বেংকক একীভূত কৰি গুজৰাট গ্ৰামীণ বেংক গঠন কৰা হব৷
৬. জম্মু আৰু কাশ্মীৰত জম্মু আৰু কাশ্মীৰ গ্ৰামীণ বেংক, এলাকুই গ্ৰামীণ বেংক একীভূত হৈ জম্মু আৰু কাশ্মীৰ গ্ৰামীণ বেংক তৈয়াৰ হব৷ প্ৰধান কাৰ্যালয় হ’ব জম্মুত৷
৭. একেধৰণে কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ৰাজস্থানৰ দুটাকৈ গ্ৰামীণ বেংক RRBত একত্ৰিত হব৷ RRB ৰ অনুমোদিত মূলধন হ’ব ২০০০কোটি টকা৷ নতুন বেংকসমূহৰ ব্যৱস্থাপনা আৰু কাৰ্যক্ৰম আৰু দক্ষ হব যাৰ ফলত গ্ৰাহকে আৰু ভাল পৰিসেৱা পাব৷
প্ৰধান মূলধন বিনিয়োগ উদ্যোগ
চৰকাৰে ২০২১-২২ চনত RRBসমূহক পুনৰ্গঠনৰ বাবে ৫,৪৪৫কোটি টকাৰ মূলধন বিনিয়োগৰ পৰিকল্পনা কৰিছিল যাতে এই বেংকসমূহৰ মূলধনৰ প্ৰবাহ বৃদ্ধি পাব পাৰে৷ ১৯৭৬ চনৰ RRB আইনৰ অধীনত আঞ্চলিক গ্ৰামীণ বেংকসমূহ প্ৰতিষ্ঠা হৈছিল৷ তেওঁলোকৰ লক্ষ্য হৈছে গ্ৰামীণ এলেকাৰ ক্ষুদ্ৰ কৃষক, শ্ৰমিক আৰু কাৰিগৰসকলৰ ঋণ আৰু আৰ্থিক পৰিসেৱা প্ৰদান কৰা৷ ২০১৫ চনৰ সংশোধন আইনৰ পাছত RRBসমূহে অনান্য উৎসৰ পৰাও মূলধন সংগ্ৰহ কৰিব পাৰে৷ এই বেংকসমূহত কেন্দ্ৰীয় চৰকাৰৰ ৫০শতাংশ অংশীদাৰিত্ব আছে তাতেই ৩৫ শতাংশ বেংকসমূহৰ আৰু ১৫শতাংশ ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰিত্ব আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ