সনাতন ধৰ্ম অনুসৰি শাওন হৈছে মহাদেৱৰ প্ৰিয় মাহ৷ সেই কাৰণেই এই সময়ত মহাদেৱৰ বিশেষ আৰাধনা কৰাৰ ৰীতি প্ৰচলিত আছে৷ এই বছৰ শাওন মাহ আৰম্ভ হব আগন্তুক ১৮ জুলাইত৷ শাওন চলিব ১৭ আগষ্ট পৰ্যন্ত৷ এই মাহত ভক্তিভাৱেৰৰে শিৱৰ পূজা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ বুলি প্ৰচলিত বিশ্বাস৷ শাওনত সূৰ্য, মঙ্গল আৰু শুক্ৰই ৰাশি পৰিবৰ্তন কৰিব৷ জানি থওক শাওন মাহত মহাদেৱৰ কৃপাত কুবেৰৰ অৰ্থভাণ্ডাৰ লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
বৃষ ৰাশি
শাওনত আৰ্থিক পৰিস্থিতিৰ উন্নতি হব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আৰামেৰে জীৱন কটাব পাৰিব আপুনি৷ ব্যৱসায়তো উন্নতি কৰাৰ সুযোগ আহিব পাৰে৷ বন্ধুৰ পৰাও দৰকাৰী সাহায্য পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ সম্পৰ্কত মাধুৰ্যতা বাঢ়িব৷ উপাৰ্জনৰ নতুন পথ মুকলি হব আপোনাৰ সন্মুখত৷ একাধিক সূত্ৰৰ পৰা অৰ্থলাভ হব৷
মিথুন ৰাশি
শাওন মাহত মহাদেৱৰ কৃপাত একাধিক শুভ ফল পাব মিথুন ৰাশিৰ জাতকে৷ যি কামতেই হাত দিব তাতেই সৌভাগ্য লাভ কৰিব আপুনি৷ সাফল্য অৰ্জনৰ পথত থকা সকলো বাধা দূৰ হব৷ দাম্পত্য জীৱনত এনে সুখ আহিব যি সুখ আপুনিও কাহানিও পোৱা নাছিল৷ সম্পদ বৃদ্ধি পাব৷ সন্তানৰ দিশৰ পৰাও সুখবৰ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















