অসম লাইভ ২৪ঃ নজৰুলেই নহয়, লামডিং বনাঞ্চলৰ মাটিক লৈ ব্যৱসায় কৰাৰ অভিযোগ উঠিছে স্বয়ং বন বিষয়াৰ বিৰুদ্ধে। অভিযোগ অনুসৰি মাটিৰ দালালিত জড়িত খণ্ড বন বিষয়া হবিবুৰ ৰহমান। নখুঁটি উপ-খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া হবিবুৰ ৰহমান। লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খণ্ড বনবিষয়াজনক। হবিবুৰ ৰহমানৰ লগতে আৰক্ষীৰ জালত পৰিছে কাৰ্যালয়টোৰ অস্থায়ী কৰ্মচাৰী আব্দুল কালাম। লামডিং বনাঞ্চলৰ মাটিক লৈ খোদ বন বিভাগৰ এই দুটি প্ৰাণীয়ে দালালি কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োকে। ইমানে শেষ হোৱা নাই লামডিং বনাঞ্চলত দালালি কৰা লোকৰ লেখ। নজৰুল, হবিবুৰ, আব্দুলৰ সমান্তৰাল কৈ নাম উচ্চাৰণ হৈছে গোপাল চেত্ৰী আৰু মনোজ শৰ্মাৰ। এই দুজনেও নখুঁটি উপ-খণ্ড বন কাৰ্যালয়ত খণ্ড বন বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য এই পৰ্যন্ত লামডিং বনাঞ্চলত মাটিৰ দালালি কৰাৰ অভিযোগত ১০জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই তালিকা আৰু দীঘল হোৱাৰ সম্ভাৱনা আছে।
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ