অসম লাইভ ২৪ঃ ‘বীৰচক্ৰ’ সন্মানেৰে সন্মানিত হয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন অভিনন্দন ৱৰ্ধমান৷ দেশমাতৃৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বাৰজোৱানগৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান৷ অভিনন্দন ৱৰ্ধমানে ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে বালাকোট এয়াৰষ্ট্ৰাইকত ধ্বংস কৰিছিল যুদ্ধবিমান F-16৷ ৩ দিন পৰ্যন্ত পাকিস্তান সেনাই বন্দী কৰি ৰাখিছিল তেতিয়াৰ উইং কামাণ্ডাৰ অভিনন্দনক৷ আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ‘অলংকৰন সমাৰোহ’ত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ‘বীৰ চক্ৰ’ সন্মান প্ৰদান কৰে অভিনন্দন ৱৰ্ধমানক৷ এই সমাৰোহতে মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ সন্মান প্ৰদান কৰে প্ৰকাশ যাধৱক৷
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ