অসম লাইভ ২৪ঃ ভাৰতৰ ভিতৰতে অসমেই এনে এখন ৰাজ্য য’ত পাইকাৰি হাৰত দৈনিক জন্ম হয় নতুন নতুন সংগঠন। তাৰে এনে বহু সংগঠন আছে যিবোৰে কেৱল কাৰোবাক দাবি ধমকি বা ব্লেকমেইলিং কৰি বক্ৰ পথেৰে ধন ঘটাই মূল উদ্দেশ্য। আৰু তেনে বহু সংগঠনৰ কাৰু-কাৰ্যৰ উদাহৰণ সংবাদ মাধ্যৰ জৰিয়তে বিভিন্ন সময়ত প্ৰচাৰ হৈ আহিছে। কিছুমান সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য জনহিতৰ বাবে ঠিকেই থাকে যদিও সেই সংগঠনৰে অন্তৰ্গত একংশ নেতা-পালিনেতাই কেৱল চল চাই কঠিয়া পৰা স্বাভাৱেৰে নিজৰ স্বাৰ্থ পূৰ্ণৰ লক্ষ্যকেই আগত ৰাখে। তাৰে এটা শেহতীয়া উৎকিষ্ট উদাহৰণ হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপৰ দুই ছাত্ৰ নেতাৰ ওলাই পৰা নীলা শিয়ালৰ চৰিত্ৰ। অভিযোগ অনুসৰি দুই ছাত্ৰ নেতাৰ এগৰাকী হৈছে নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু আনগৰাকী হৈছে ডিব্ৰুগড় জিলা আছুৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাই। এই দুই ছাত্ৰ নেতাই যোৱা দেওবাৰে বৰহাটৰ পৰা নামৰূপলৈ মাছ কঢ়িয়াই অনা এখন বাহনৰ পৰা ৩০ হাজাৰ টকা ধন দাবী কৰিছিল। দবী কৰা ধন দিবলৈ অমান্তি হোৱাত বাহনসহ মাছ ব্যৱসায়ী জনৈক ছেত্ৰীক পুৱা ১০ বজাৰ পৰা আবেলি প্ৰায় ৩ বজালৈ নামৰূপ আছু কাৰ্যালয়ৰ সন্মুখত আৱদ্ধ কৰি ৰাখিছিল বাহনখন। শেষত মাছ ব্যৱসায়ী জনৈক ছেত্ৰীয়ে নামৰূপ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়। আৰু নামৰূপ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৪৩/৩৪১/৩৪২/৩৮৬ ধাৰাত ১৫৩/২১ এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে দুই নীলা শিয়াল ৰূপী ছাত্ৰ নেতাক।
Click Here For More Info:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ