অসম লাইভ২৪ঃ ২০২৩ চনৰ আজি প্ৰথমটো চন্দ্ৰগ্ৰহণ। ৫ মে’ অৰ্থাৎ আজি বুদ্ধ পূৰ্ণিমাও। বুদ্ধ পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেলগে পৰিছে। নিজৰ কক্ষপথত ঘূৰোতে পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই একেলগে অৱস্থান কৰে। এই বিশেষ সময়খিনিকেই চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। এইবাৰৰ চন্দ্ৰগ্ৰহণৰ কিছু বিশেষত্ব আছে। এই চন্দ্ৰগ্ৰহণত পৃথিৱী, সূৰ্য আৰু চন্দ্ৰই একে সৰলৰেখাত অৱস্থান নকৰে। সৰলৰেখাত অৱস্থান নকৰে বাবেই পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণ ঢাকি ধৰিব নোৱাৰে যাৰবাবে আংশিক পোহৰ আহিব। কেৱল চন্দ্ৰৰ পোহৰ কিছু হ্ৰাসহে হ’ব এই গ্ৰহণত। এয়া আংশিক চন্দ্ৰগ্ৰহণো নহয়। এই চন্দ্ৰগ্ৰহণক ‘পেনাম্ব্ৰাল’ গ্ৰহণ বুলি কোৱা হয়।
আজিৰ দিনটো বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বাবেও বিশেষ দিন। কিয়নো আজিৰ দিনটোতেই গৌতম বুদ্ধৰ জন্ম হৈছিল। এই তিথিতেই বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক ভগৱান গৌতম বুদ্ধৰ নেপালৰ লুম্বিনীনগৰত জন্ম। এই দিনটো সেয়ে বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বাবে বিশেষ দিন। ইফালে চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব ৮বাজি ৪৬ মিনিটত। গ্ৰহণ সমাপ্ত হ’ব ১ বাজি ২০ মিনিটত। ভাৰততো এই গ্ৰহণ দৃশ্যমান নহয়। এই গ্ৰহণ নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ইউৰোপৰ দক্ষিণ পূবৰ কিছু অংশ, প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰৰ কিছু অংশতো এই গ্ৰহণ দৃশ্যমান হ’ব।
ইফালে চন্দ্ৰগ্ৰহণক লৈ কিছু লোকবিশ্বাসো মানুহে মানি চলে। বহুতেইভাৱে চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য খালে শৰীৰত বেয়া প্ৰভাৱ পৰিব পাৰে। এই প্ৰভাৱৰ পৰা মুক্তি পাবৰ বাবে বহুতেই চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য বা খোৱা পানীত তুলসীপাত দি থয়। বহুতেই আকৌ গ্ৰহণৰ সময়ছোৱাত বগা পোছাক, বগা খাদ্য, গাখীৰ, দৈ, পনীৰ আদি খোৱাৰ পৰা বিৰত থাকে। কিন্তু এই বিষয়টোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই বুলিয়েই বিজ্ঞানীসকলে উল্লেখ কৰি আহিছে।
উল্লেখ্য যে এই সময়ছোৱাত অতি বেঙুনীয়া ৰশ্মিৰ বাবে বেক্টেৰিয়াৰ পৰিমান বাঢ়ি যাব পাৰে যাৰবাবে মুকলিত খাদ্যগ্ৰহণ কৰিলে বিষক্ৰিয়া হোনাৰ সম্ভাৱনা থাকে। কিন্তু এই গ্ৰহণ যিহেতু ভাৰতৰ পৰা দেখা নাযায় তেনেক্ষেত্ৰত বিশেষ সাৱধানতা লোৱাৰো প্ৰয়োজন নাই বুলিয়েই বিজ্ঞানীমহলে জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ