অসম লাইভ ২৪ঃ আচৰ্য্যকৰ কাৰ্য সম্পাদনেৰে চৰ্চাৰ শীৰ্ষত থকা চীনে পুনৰ সম্পাদন কৰিলে আন এক চমক। এইবাৰ মধ্য আকাশত ব্যয়বহুল হোটেল মুকলি কৰি চমক সৃষ্টি কৰিছে চীনে। ভূ-পৃষ্ঠৰ পৰা ২০০০ ফুট উচ্চতাত চীনে মুকলি কৰিলে বিশ্বৰ সৰ্বোচ্চ হোটেল। গগনচুম্বী অট্টালিকা চাংঘাই টাৱাৰত বিশ্বৰ সৰ্বাধিক ব্যয়বহুল হোটেল the j hotel মুকলি। এই বিলাসী হোটেলত ২৪ ঘণ্টাই আগবঢ়োৱা হ’ব গ্ৰাহকসকলক সেৱা। অত্যাধুনিক সা-সুবিধাৰ ওপৰিও গ্ৰাহকৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে হোটেল কৰ্তৃপক্ষই। j হোটেলত এটা ৰাতি কটাবলৈ গ্ৰাহকে ব্যয় কৰিব লাগিব ৪৫০ মাৰ্কিন ডলাৰ। সাংঘাই টাৱাৰৰ শীৰ্ষ মহলাত মুকলি কৰা হৈছে বিলাসী হোটেলখন। উল্লেখ্য, বুৰ্জ খালিফাৰ পাছতে বিশ্বৰ দ্বিতীয় সুউচ্চ অট্টালিকা সাংঘাই টাৱাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















