অসম লাইভ২৪ঃ ২ অক্টোবৰ, আজি মহাসপ্তমী। মা দুৰ্গাৰ কৃপাত বছৰটো ভালকৈ যাবৰ বাবে সকলোৱে তেওঁৰ শ্ৰী চৰণত আশীৰ্বাদ লৈছে। জ্যোতিষ শাস্ত্ৰমতে দুৰ্গা পূজাৰ প্ৰত্যেকটো দিনেই শুভ হয়। পূজাৰ এইকেইটা দিনত কিছু নিয়ম মানি চলিলে বছৰটোৱেই ভালকৈ যায় বুলি লোকবিশ্বাস যুগে যুগে চলি আহিছে। সপ্তমীৰ দিনটোত পূজাৰ এইকেইটা নিয়ম মানিলে জীৱনৰ সকলো দুখ কষ্ট আৰু সমস্যাৰ পৰা হাত সাৰিব পাৰি বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে।
সপ্তমীৰ দিনা পুৱাতেই গা ধুই মা দুৰ্গাৰ আশিষ ল’ব লাগে। সপ্তমীত নৱপত্ৰিকা পূজা কৰা হয়। আনহাতে সপ্তমীতেই মহাবীৰৰ পূজা কৰাটোও অত্যন্ত শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। আনহাতে সপ্তমীত পুৱাতেই সাতটা লাড্ডুত ৭টাকৈ লং দিব লাগে। সেই লাড্ডুকেইটা দুৰ্গাৰ শ্ৰী চৰণত অৰ্পণ কৰিব লাগে। এই লাড্ডু আগবঢ়াওতে তামৰ পাত্ৰত আগবঢ়াব লাগে। সপ্তমী পূজাত শঙ্খ আৰু ঘিউৰ প্ৰদীপ ধুপ ধু্ণা দিয়াটো বাঞ্চনীয়।
সপ্তমীত ১০৮ টা চাউল. ১০৮ টা বাৰ্লি, ১০৮টা আলতা , নতুন শাড়ী দুৰ্গা দেৱীৰ শ্ৰী চৰণত অৰ্পণ কৰিব লাগে। এনেকৈ আগবঢ়ালে বৈবাহিক জীৱনত কোনো সমস্যা থাকিলে সেই সমস্যা দূৰ হয়। স্বামী-স্ত্ৰী দুয়োৱে একেলগে এই পূজাত ভাগ লোৱাটো ভাল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ