এইবাৰ ধোনীয়ে ল’লে ৰনবীৰৰ এনিমেল লুক, চাওক ভিডিঅ’
ৰনবীৰ কাপুৰ অভিনীত এনিমেল ছবিয়ে বক্সঅফিচত সফল প্ৰমাণিত হ’য়। এই ছবিখনত দেখা ৰণবীৰ কাপুৰৰ লুক যথেষ্ট ভাইৰেল হৈ পৰিছিল। সেই লুকেই এতিয়া কপি কৰিছে জনপ্ৰিয় ক্ৰিকেটাৰ ধোনীয়ে।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ৰণবীৰ কাপুৰৰ এনিমেল লুকত দেখা গৈছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে এম এছ ধোনিৰ এটা ভিডিঅ’, য’ত ধোনীক এনিমেল চিনেমাৰ সংলাপো কোৱা দেখা গৈছে।
অৱশ্যে এই ভিডিঅটো এটা বিজ্ঞাপন। এম এছ ধোনীক ই-মটৰেডৰ বিজ্ঞাপন কৰা দেখা গৈছে। এই বিজ্ঞাপনত ধোনীৰ সৈতে এনিমেল চবিৰ চলচ্চিত্ৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাকো দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ