৫ বিয়া পাতিয়ো জীৱনৰ অন্তিম সময়ত অকলশৰীয়া আছিল বলীউড ভিলেইন, দুদিনৰ পাছতহে উদ্ধাৰ হৈছিল নিথৰ দেহ
বলীউডৰ চিনেমাৰ কাহিনীয়ে যিদৰে দৰ্শকক আকৰ্ষণ কৰে, তেনেদৰে বহু তাৰকাৰ জীৱনৰ কাহিনীয়ো কোনো চিনেমাতকৈ কম নহয়। কাৰোবাৰ যদি বহু আকৰ্ষণীয়, কাৰোবাৰ আকৌ বহু দুখজনক। তাৰেই মাজৰ এক কাহিনী হৈছে বলীউডৰ ৮০-৯০ দশকৰ খুংখাৰ ভিলেইন মহেশ আনন্দ।
ওখ-পাখ শক্তিশালী শৰীৰ, টেলেকা চকু, দীঘল চুলিৰে সৈতে দেখাতেই ভিলেইনৰ দৰে মহেশে চিনেমাত অমিতাভ, অক্ষয় কুমাৰ আদিৰ দৰে অভিনেতাৰ বিৰুদ্ধে কাম কৰিছে।
শ্বেহেনশ্বাহ, কুলি নং ১, গুমৰাহ, থানেদাৰ, বিশ্বাত্মা, বিজয়েতা, আকেলা, স্বৰ্গ, লাল বাদশ্বাহ, কুৰুক্ষেত্ৰ, এক আৰু এক গ্যাৰহ, টুফান, ক্ৰাইম, প্ৰতিকাৰ, ত্ৰিনেত্ৰ, খুদ্দাৰ, ক্ৰান্তিয়ৰ, বাঘী, দিলজ্বলে আদিৰ দৰে ৩০০ৰো অধিক ছবিত কাম কৰি মহেশ ভাৰতীয় দৰ্শকৰ প্ৰিয় ভিলেইন হৈ পৰিছিল।
কিন্তু এই অভিনেতাৰ জীৱন আছিল একেবাৰে অকলশৰীয়া। ৫ বাৰকৈ বিবাহ , ১২ বাৰকৈ প্ৰেম কৰিয়ো জীৱনৰ অন্তিম মুহুৰ্তত আছিল একেবাৰে অকলশৰীয়া। পুত্ৰক এবাৰ মাথো চোৱাৰ আশা লৈয়ে, সংগোপনে এই পৃথিৱীৰ পৰা বিদায় মাগে মহেশে।
জীৱনৰ শেষৰ কালছোৱা ইমানেই বেয়া অৱস্থা হৈ পৰিছিল যে, সামাজিক মাধ্যমত দিয়া এটা পোষ্ট তাৰেই প্ৰমাণ। মহেশে সামাজি মাধ্যমত লিখিছিল- “মোৰ হাতত খোৱাপানীৰ বাবেও টকা নাই।”
নিসংগতাই ভিতৰি ভিতৰি কুৰুকি কুৰুকি খাইছিল মহেশক, পৰিয়াল বুলিবলৈ নাছিল কোনো। নাছিল কোনো বন্ধু বান্ধবো। আঁতৰি গৈছিল সকলো মহেশৰ জীৱনৰ পৰা।
মৃত্যু তাতোকৈ দুখজনক আছিল মহেশৰ। ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত মুম্বাইস্থিত এপাৰ্টমেণ্টত দুদিন ধৰি নিথৰুৱা হৈ পৰি ৰৈছিল প্ৰাণবায়ুহীন শৰীৰ। ঘৰুৱা সহায়কে যেতিয়া আহি দুৱাৰ টোকৰ মাৰিয়ো কোনো উত্তৰ নাপায়, তেতিয়া লগে লগে আৰক্ষীক খবৰ কৰাত আৰক্ষী আহি দৰ্জা ভাঙি চোফাত বহি থকা, গেলিবলৈ ধৰা অৱস্থাত উদ্ধাৰ কৰে মহেশ আনন্দৰ নিথৰ দেহ।
পাছত ৰাছিয়াৰ পৰা পঞ্চমগৰাকী পত্নী আহি শেষ কৃত্য সমাপন কৰি গৈছিল মহেশৰ। পুত্ৰ ত্ৰিশূলক এবাৰ চোৱাৰ দুৰ্বাৰ আশা মনত লৈয়ে নিৰৱে গুচি গৈছিল বলীউডৰ এসময়ৰ ভিলেইন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















