মাথো ১০ অভাৰতেই সপোনৰ ফাইনেলত বিৰাটবাহিনী, ১৭ বছৰৰ পাছত খিতাপ লাভ কৰবিনে!
বৃহস্পতিবাৰে মুলনপুৰত পাঞ্জাৱৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰি বিৰাটৰ বেংগালুৰু ৮ বছৰৰ পাছত ফাইনেলত প্ৰৱেশ কৰে। মাথো ১০ অভাৰতেই ১০২ ৰানৰ লক্ষ্য পাৰ কৰি দুটা উইকেট হেৰুৱাই ১০৬ৰান কৰি মেচখনত জয়ী হয়।
প্ৰথমে বেটিং কৰি পঞ্জাৱ দলটোৱে ১৪.১ অভাৰতে অল আউট গৈ মাথো ১০১ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে অ’পেনাৰ ফিল ছল্টে আৰচিবিৰ হৈ ধুমুহাময় অৰ্ধশতকৰ ইনিংছ খেলি ১০২ ৰানৰ লক্ষ্যত উপনীত হোৱাত বিশেষ অৰিহণা যোগায়। ছল্টে ২৭টা বলত ৩টা ছয় আৰু ৬টা চাৰিৰ সহায়ত অপৰাজিত ৫৬ ৰানৰ ইনিংছ খেলে।
ছল্টৰ লগতে বাংগালুৰু দলটোৰ অধিনায়ক ৰজত পাটিদাৰে ৮টা বলত ১৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তাৰ বাহিৰে ১২টা বলত ১২ ৰান সংগ্ৰহ কৰি বিৰাট কোহলি আৰু ১৩টা বলত ১৯ ৰান সংগ্ৰহ কৰি আউট হয় মায়ংক আগৰৱাল। শেষত ১০ অভাৰত দুটা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰি খেলখনত জয়লাভ কৰে আৰ চি বিয়ে।
বেটিঙৰ দৰেই পঞ্জাৱৰ বলিঙো সম্পূৰ্ণৰূপে ফ্লপ হয় খেলখনত। আনহাতে বেটে বলে জিলিকি উঠে বাংগালুৰু দল।
এইবাৰৰ সৈতে চতুৰ্থবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰ চি বি। ২০০৯, ২০১১ আৰু ২০১৬ চনৰ ফাইনেল উপনীত হৈছিল বিৰাট বাহিনী। কিন্তু ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো বিগত ১৭ বছৰ ধৰি চলি থকা খিতাপৰ খৰাং শেষ কৰাৰ সুযোগ এইবাৰ আৰ চি বিৰ হাতত, লগতে বিৰাটৰো আই পি এলৰ খিতাপ দখলৰ সপোন পূৰণ কৰাৰ সুযোগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ