অসম লাইভ ২৪ঃ পাকিস্তানৰ লাহোৰত ভয়ংকৰ বিস্ফোৰণ। ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ বাসগৃহৰ সমীপত বুধবাৰে সংঘটিত হয় বিস্ফোৰণ। বিস্ফোৰণত নিহত হয় ২ জন ব্যক্তি আৰু আহত হৈছে ১৬ গৰাকীকৈ ব্যক্তি। ইয়াৰে ৪জনৰ অৱস্থা সংকটজনক। জৌহৰ টাউনৰ আকবৰ চ’কত সংঘটিত হয় বিস্ফোৰণটো। বিস্ফোৰণৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় নিৰাপত্তা বাহিনী। ঘটনা সংঘটিত হোৱাৰ কিছুসময় পূৰ্বে কোনো সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে। বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত হাফিজ চৈয়দৰ ঘৰত আছিল নে নাই সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। গেছ পাইপ লাইনৰ পৰাও বিস্ফোৰণ সংঘটিত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখ্য, হাফিজ চৈয়দৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সহ-প্ৰতিষ্ঠাপক আৰু জামাত-উদ-দাৱাহৰ মুৰব্বী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















