অসম লাইভ২৪ঃ কৰ্মব্যস্ততাৰ মাজতেই হাইপাৰটেনছনৰ সমস্যাত আমি সকলোৱেই পৰো। প্ৰত্যেকজন লোকেই কিবা নহয় কিবা এটা সমস্যাত ভূগি থাকে। এই হাইপাৰটেনছনতেই বহু লোকে জটিল ৰোগতো আক্ৰান্ত হৈ পৰে। ষ্ট্ৰেছ যিসকলৰ প্ৰতিদিনৰ সংগী, তাত হাইপাৰটেনছন থকাটোৱেই স্বাভাৱিক। কিন্তু দৈনন্দিন আপুনি কঢ়িয়াই থকা ষ্ট্ৰেছ কেনেদৰে আঁতৰ কৰিব তাৰ উপায় দিছে অভিনেত্ৰী মালাইকা আৰোৰাই।
মাত্ৰ ৩০ ছেকেণ্ডতেই কেনেদৰে হাইপাৰটেনছনৰ পৰা ৰেহাই পাব তাৰো উপায় দিছে মালাইকাই। বলীউড অভিনেত্ৰী মালাইকাই নিয়মিতভাৱে শৰীৰচৰ্চা কৰে। ৫০ বছৰ বয়সতো আজিও সুন্দৰী হৈ আছে মালাইকা। মালাইকাৰ ফিটনেছক লৈ বহুসময়তে চৰ্চা চলে। কিন্তু এই বয়সত কেনেদৰে সুন্দৰী হৈ আছে মালাইকা সেই কথা নিজেই জনাইছে মালাইকাই।
মাজে মাজে শৰীৰচৰ্চা কিংবা যোগাসনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে মালাইকা আৰোৰাই। সম্প্ৰতি অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ৩০ ছেকেণ্ডত মানসিক স্বাস্থ্যৰ যত্ন লোৱাৰ উপায় দিছে মালাইকাই। এই ভিডিঅ’টোত মালাইকাই যোগাসন কৰা দেখা গৈছে। কেইটামান বিশেষ আসন যেনে পামিং প’জ, এই আসনে মানসিক চাপ কমোৱাত সহায় কৰে। বহু ব্যস্ততাৰ মাজতো যদি ৩০ ছেকেণ্ড আপুনি নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লয় তেন্তে আপুনি সুস্থ হৈ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ