নীতিগতভাৱে নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰা উচিত। দেশৰ জনতাই ৰায় দিয়াৰ সময়তে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ পদত্যাগৰ দাবী তুলিছে মমতা বেনাৰ্জীয়ে। বিজেপিয়ে এইবাৰ চৰকাৰ গঢ়িলেও একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে দেশৰ মানুহক ধন্যবাদ জ্ঞাপন কৰিছে মমতা বেনাৰ্জীয়ে।
সন্ধ্যা ৭.৩০ মিনিট পৰ্যন্ত দেশৰ সমস্ত কেন্দ্ৰৰ জয়ী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। গণনা চলি থকাৰ সময়তে এক বিশেষ সংবাদমেলত মিলিত হৈছে তৃণমূল নেত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে কয়, ‘মই খুবেই সুখী, মোদীজীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। মোদীয়ে জনতাৰ মাজত নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। এই সময়ত তেওঁ নৈতিক পৰাজয় স্বীকাৰ কৰি পদত্যাগেই কৰিব লাগে। এই জয় আমাৰ ইণ্ডিয়াৰহে।
এই জয় আমাৰ দেশৰ, আমাৰ মা ভগ্নীসকলৰ জয়। মোদী যাওক দেশ থাকক।’ মমতাই লগতে কয় বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে আগন্তুক সময়ত চৰকাৰ কৰিলেও একাধিক কাম স্বেচ্ছাচাৰিতাৰ সৈতে কৰিব নোৱাৰিব। তেওঁলোকৰ ইচ্ছামতে আইন পাছ কৰাব নোৱাৰিব। ইয়াৰোপৰি চিবিআই, ইডিৰ ভয় দেখুওৱাই থাকিবও নোৱাৰিব। কাইলৈ ইণ্ডিয়া জোঁট বৈঠকত মিলিত হব। অৱশ্যে সেই বৈঠকৰ বাবে এতিয়ালৈকে তৃণমূললৈ কোনো আমন্ত্ৰণ পত্ৰ অহা নাই বুলিও জনাই মমতা বেনাৰ্জীয়ে। অৱশ্যে এই বৈঠকলৈ আমন্ত্ৰণ লাভ কৰিলে অভিষেক বেনাৰ্জী যাব বুলিও জনাইছে মমতা বেনাৰ্জীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ