এৰেঞ্জ মেৰেজৰ ওপৰত বিশ্বাস নাই যুৱকজনৰ৷ ইফালে গাৰ্লফ্ৰেণ্ডো নাই তেওঁৰ৷ বিবাহৰ উপযুক্ত বয়সত পাত্ৰী বিচাৰি হাহাকাৰ কৰি ফুৰিছে যুৱকজনে৷ শেষত এটা উপায় বিচাৰি পাৰে৷ পথৰ বিলব’ৰ্ডত পাত্ৰীৰ সন্ধানত বিজ্ঞাপন দিলে যুৱকজনে৷ ফলাফল দেখি হতবাক যুৱক৷
একেবাৰে ৫ হাজাৰ যুৱতীৰ বিবাহৰ আৱেদন আহিল যুৱতীলৈ৷ যুৱকজন হৈছে ব্ৰিটেইনৰ মহম্মদ মালিক৷ বয়স ২৯ বছৰ৷ পূৰ্বে ডেটিং এপত সংগী বিচাৰি হাহাকাৰ কৰি ফুৰা ল’ৰাজনলৈ বিবাহৰ প্ৰস্তাৱ আহিছে ধুমুহা গতিত৷ মহম্মদ মালিক এতিয়া হৈ পৰিল ছ’চিয়েল মিডিয়া ষ্টাৰ৷ অতিয়া তেওঁক বিচাৰি যুৱতীৰ হাহাকাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ