অবৈধ সম্পৰ্কৰ সন্দেহত স্বামীৰ সীমাই চেৰাই যোৱা অত্যাচৰ, পত্নীৰ শৰীৰত লগাই দিলে তলা
মানসিক বিকাৰগ্ৰস্ত লোকৰ দৰে এগাৰকী স্বামীয়ে কৰা কাণ্ডই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে. অবৈধ সম্পৰ্ক থকা বুলি স্বামীয়ে পত্নীৰ ওপৰত চলালে অকথ্য নিৰ্যাতন।
শেষত কোনোমতে আৰক্ষীৰ কাষ চাপে ভুক্তভোগী মহিলা, বৰ্তমানে অত্যাচাৰী স্বামীক আৰক্ষীয়ে আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, স্বামীয়ে অন্য পুৰুষৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰি পত্নীক বহু মাৰপিট কৰে। ইমানতে শান্ত নাথাকি পত্নীৰ গোপন অংগত তলা লগাই দিয়ে।
এই ঘটনা মহাৰাষ্ট্ৰৰ পিম্পৰীত। এগৰাকী ৩০ বৰ্ষীয় নেপালী লোকে সন্দেহৰ বশৱৰ্তী হৈ ২৮ বৰ্ষীয় পত্নীৰ ওপৰত চলালে অকথ্য নিৰ্যাতন।
প্ৰথমে পত্নীৰ হাত-ভৰি বান্ধি লৈ ব্লেডেৰে গোপন অংগত কাটি হুক লগাই পিতলৰ তলা লগাই দিয়ে। তাৰ পাছতো মাৰপিট কৰে পত্নীক। তেজেৰে লুতুৰি পুতুৰি হৈ পত্নী। বহু কাকূতি-মিনতি কৰিয়ো ৰেহাই নাপাই স্বামীৰ ওচৰত।
চুবুৰীয়াই কোনোমতে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰাই ভুক্তভোগী মহিলাগৰাকীক। পাছত আৰক্ষীৰ ওচৰত স্বামী সন্দৰ্ভত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে সেই গোচৰৰ ভিত্তিতে অভিযুক্ত স্বামীগৰাকীক আটক কৰে।
আৰক্ষীয়ে আই পি চিৰ বিভিন্ন ধাৰা লগাইচে স্বামীৰ ওপৰত। ধাৰা নং ৩২৬, জানি বুজি ভয়ংকৰ অস্ত্ৰৰে গভীৰ আঘাত দিয়া, ৫০৬ নং ধাৰা- ভয় ভাবুকি দিয়া, ৩২৩ নং ধাৰা ইচ্ছা কৰি আঘাত দিয়া আদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ