প্ৰেমৰ সম্পৰ্ক মানি লোৱা নাছিল পৰিয়ালে৷ কন্যাৰ অমততেই তৰুণীক অন্য এজন যুৱকলৈ বিয়া দিয়া হৈছিল৷ কিন্তু বিয়াৰ পাছতেই ঘটিল বিপত্তি৷ বিবাহৰ পাছতেই নববধূক অপহৰণ কৰি পলাল প্ৰেমিক৷ সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ঘটনাটো মধ্যপ্ৰদেশৰ ভোপালৰ৷ আৰক্ষীৰ ওচৰত অভিযোগ নামা দাখিল কৰিছে পত্নীক হেৰুওৱা আশীষ নামৰ ব্যক্তিজনে৷ ৰোশনি নামৰ এগৰাকী তৰুণীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আশীষ৷ বিবাহৰ পিছদিনা পাৰ্টী আছিল৷ দুয়ো একেলগে বিউটি পাৰ্লাৰলৈ সাজিবলৈ গৈ উভতি আহোতেই এই ঘটনা৷
অনুষ্ঠানৰ আয়োজন কৰা স্থানত আশীষে গাড়ীৰ এখন দুৱাৰেৰে নামে৷ অন্য দুৱাৰেৰে তেওঁৰ সদ্য বিবাহিতা পত্নী ৰোশনি নামিছিল৷ সেই সময়তেই হঠাৎ তেওঁৰ বাহনৰ কাষত অন্য এখন বাহন আহি ৰৈ যায়৷ সেই বাহনৰ পৰা নামি আহে এজন যুৱক৷ আৰু সেই যুৱকেই ৰোশনিক অপহৰণ কৰে৷ অপহৰণ কৰি দ্ৰুতগতিত পলাই যোৱা বাহনখনৰ পিছ লৈছিল আশীষে কিন্তু সফল নহ’ল৷
আশীষে লগতে জনাইছে যে তেওঁ থকা বাহনৰ গাড়ীৰ টায়াৰ পাংচাৰ আছিল৷ সেয়ে বেছিদূৰ খেদি যাব নোৱাৰিলে৷ ইতিমধ্যে আশীষৰ অভিযোগৰ ভিত্তিত তদন্তত নামিছে আৰক্ষী দল৷ আৰক্ষীয়ে তদন্তত নামি জানিব পাৰিছে যে এই সমগ্ৰ ঘটনাটো ৰোশনি আৰু অংকিত নামৰ যুৱকৰ প্ৰি প্লেইন আছিল৷ বিয়াৰ গাড়ীৰ টায়াৰ অংকিত অৰ্থাৎ ৰোশনিৰ প্ৰেমিকেই পাংচাৰ কৰিছে৷ অংকিত আৰু ৰোশনিৰ ৫ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল৷ বিবাহৰ পিছদিনাই দুয়োৱে পলোৱাৰ পৰিকল্পনা পূৰ্বেই ৰচিছিল৷
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি ৰোশনি আৰু অংকিতৰ প্ৰেমত আপত্তি আছিল তেওঁৰ পৰিয়ালৰ৷ সেয়ে আশীষৰ সৈতে বিয়া ঠিক কৰিছিল ৰোশনিৰ৷ বিবাহবন্ধনত আৱদ্ধ হ’লেও অংকিতৰ সৈতে পলাই যোৱাৰ সুযোগ বিচাৰিছিল ৰোশনিয়ে৷ আশীষৰ অভিযোগৰ ভিত্তিতেই অধিক তথ্যৰ বাবে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ