২৬ বছৰে ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি, চুবুৰীয়াই ঘৰতে অপহৰণ কৰি ৰাখিছিল
শেহতীয়াকৈ বিগত ২৬ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ৪৫ বছৰীয়া এগৰাকী ব্যক্তিক ঘাঁহৰ পুঁজিৰ ওচৰত উদ্ধাৰ কৰা হৈছে। ২৬ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ব্যক্তি জনক তেওঁৰ চুবুৰীয়া ঘৰতে বাস কৰা এজন লোকে বন্দী কৰি ৰাখিছিল।
২৬ বছৰে ধৰি সন্ধানহীন হৈ থকাৰ বাবে পৰিয়ালৰ লোকেও আশা এৰি দিছিল। সমগ্ৰ পৰিয়ালে মৃত বুলিয়ে ভাবি লৈছিল। কিন্তু মৃতদেহ নোপোৱাৰ বাবে আৰক্ষীয়ে বিগত ২৬ বছৰে ধৰ সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছিল।
এয়া ১৯৯৮ চনৰ কথা। আলজেৰিয়াৰ গৃহযুদ্ধৰ সময়ত ওমৰ বি নামৰ এজন ১৯ বছৰীয়া ল’ৰা নিৰুদ্দেশ হৈ পৰে হঠাতে। পৰিয়ালৰ লোকে অপহৰণ কৰা বুলি বহু বিচাৰ খোচাৰ কৰে। আৰক্ষীয়েও সন্ধান চলাই বহু। কিন্তু কতো কোনো ধৰণৰ খা-খবৰ লাভ নকৰাত কেইবছৰমান পিছত পৰিয়ালৰ লোকে মৃত বুলি ধৰি লয়।
পাছে শেহতীয়াকৈ সেই সন্ধানহীন ১৯ বছৰীয়া ওমৰ বিক ৪৫ বছৰীয়া হিচাপে সন্ধান পায়। জেলফা চহৰৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰৈৰ এটা ঘাঁহৰ পুঁজিৰ পৰা উদ্ধাৰ কৰা হয় ওমৰ বি।
আৰক্ষীৰ তদন্তৰ সময়ত ওমৰে কয় যে ২৬ বছৰে ধৰি তেওঁক ঘৰৰ ওচৰে-চুবুৰীয়াই অপহৰণ কৰি সেই ঘৰতে আৱদ্ধ কৰি ৰাখিছিল। কিন্তু তেওঁ কাকো সহায়ৰ বাবে মাতিব পৰা নাছিল। ইচ্ছা কৰিলেও কাৰো পৰা সহায় বিচাৰিব পৰা নাছিল। কোনো অদৃশ্য শক্তিয়ে বান্ধি ৰাখিছিল ওমৰক।
আলজেৰিয়াৰ ন্যায় মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে দোষী ওচৰৰে ঘৰৰ। কিন্তু যেতিয়াই পোহৰলৈ আহে এই ঘটনা পলোৱাৰ চেষ্টা কৰে অপৰাধীয়ে। কিন্তু আৰক্ষীয়ে কোনোমতে আটক কৰিবলৈ সক্ষম হয়। আনহাতে মন্ত্ৰালয়ে তদন্ত অব্যাহত থকাৰ লগতে ভুক্তভোগীক চিকিৎসা আৰু মানসিক সহায় আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ