জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানিৰ পাছতেই কণ্ঠশিল্পী মানস ৰবীনৰ ৰহস্যপূৰ্ণ পোষ্ট৷ শ্ৰীকৃষ্ণৰ প্ৰসংগ টানি আনি মানস ৰবীনে ফেছবুকত লিখিছে-‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল। গতিকে সকলো সাৱধান হোৱা। কোমল কোমল কুশ বনবোৰ ধেমালিতে যাৰে তাৰে গালৈ মাৰি নাথাকিবা। কৃষ্ণ এতিয়া নাই৷’
জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰাই, জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ’ল সেই সত্য বিচাৰি সজোৰে মাত মাতি আহিছে কণ্ঠশিল্পী মানস ৰবীনে৷ চাৰ্জশ্বীট দাখিলৰ দিনটোতো তেওঁ ফেছবুকত লিখিছে-‘মানুহজন গ’লগৈ। পৃথিৱীখন জোকাৰি দিলেও আৰু মানুহজন ঘূৰি নাহে। এইটোৱেই চিৰন্তন সত্য। মানুহজন কিয় গ’ল, কেনেকৈ গ’ল, কোনে নিলে, কেনেকৈ নিলে এই ওপঙি থকা কথাবোৰ যোৱা তিনিমাহে আমি শুনিলোঁ আৰু মন নাই।
জীয়াই থাকোতেও জুবিন গাৰ্গ কাৰোবাৰ বাবে কমডিটি, কাৰোবাৰ বাবে টিআৰপি, কাৰোবাৰ বাবে ধন ঘটাৰ আহিলা আৰু কাৰোবাৰ বাবে একমাত্ৰ অস্তিত্ব। মৃত্যুৰ পাছতো কথাটো একেই আছে।
চাৰ্জশ্বীটত কি আছে মই এপ্লাই কৰিম ,এতিয়ালৈকে পোৱা নাই, পঢ়া নাই আৰু নপঢ়াকৈ এটা শব্দও নকওঁ। মোৰ হাতত যি তথ্য প্ৰমাণ আছিল ইতিমধ্যে মই SIT ৰ ওচৰত জমা দিছোঁ আৰু ন্যায়িক আয়োগৰ ওচৰতো শপতনামা দাখিল কৰিছোঁ ।
এতিয়া এই চাৰ্জশ্বীটখন ভুল নে শুদ্ধ, কিবা সুৰুঙা থাকি গৈছে নেকি, যদি থাকি গৈছে, তাক ঠিক কৰিব পাৰি নে নোৱাৰি-এইবোৰ বিষয়ত আইন-কানুন জনা আৰু এনেধৰণৰ হত্যাকাণ্ডৰ অনুসন্ধানত পূৰ্বতে জড়িত থকা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ বা আলোচনাহে শুনিবলৈ মই আগ্ৰহী কাৰণ আমাৰ কাৰোৰে আবেগ-অনুভূতিত আদালত নচলে, কিন্তু অনুসন্ধান চলিব পাৰে, চলাব পাৰে।
যোৱা কেইদিনত মই অনুভৱ কৰিছো এইবোৰ কামত লাগি থাকিবলৈ অসমত মানুহৰ অভাৱ নাই। জুবিন অনুৰাগী অধিবক্তা আছে,জুবিন অনুৰাগী আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আছে, জুবিন অনুৰাগী নেতা-মন্ত্ৰী আৰু দল-সংগঠন আছে।সকলোবেই শেষলৈকে লাগি থাকিব বুলি বিশ্বাস ৰাখিছোঁ ।
মই নিজকে আজিৰ পৰা সম্পূৰ্ণ বেলেগ এটা কামত নিয়োজিত কৰিছো। যিবোৰ কামত আছলতে মোৰ কিবা কৰিবলগিয়া আছে আৰু যিবোৰ কামৰ জৰিয়তে আমি জুবিন দাক অনাগত আৰু এহেজাৰ বছৰলৈ জীয়াই ৰাখিব পাৰিম।
‘প্ৰজেক্ট জুবিন গাৰ্গ ‘
ৰাইজৰ শুভেচ্ছা কামনা কৰিলোঁ ’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ