দেশৰ যুদ্ধকালীন পৰিস্থিতিক লৈ অসম চৰকাৰে বাতিল কৰিছিল ৰাজ্যত চলি থকা মঞ্চ বিহুৰ সমূহ প্ৰগ্ৰাম৷ কিন্তু শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ঘোষণা হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে পুনৰ বিহু অনুষ্ঠানসমূহ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে৷ অনুমতি প্ৰদানৰ পাছতেই প্ৰায়সংখ্যক কণ্ঠশিল্পীয়েই পূৰ্বে চুক্তিবদ্ধ হোৱা অনুষ্ঠানসমূহত অংশ লোৱাৰ বাবে সাজু হৈছে৷ তেনে সময়তেই কণ্ঠশিল্পী মানস ৰবীনে লৈছে সোঁতৰ বিপৰীত সিদ্ধান্ত৷ বিহুৰ অনুষ্ঠানৰ বাবে অনুমতি দিলেও মানস ৰবীনে এই বৰ্ষৰ বিহুৰ অনুষ্ঠান নকৰাৰ সিদ্ধান্ত লৈছে৷ কিয় তেওঁ অনুষ্ঠান নকৰে সেই বিষয়ক লৈ সামাজিক মাধ্যমত কৰিছে এটা বিশেষ পোষ্ট৷
মানস ৰবীনে লিখিছে, ‘৯মে’ তাৰিখে আমি দেশৰ বৰ্তমান পৰিস্থিতিৰ কথা হৃদয়ংগম কৰি আমাৰ পৰৱৰ্তী অনুষ্ঠানসমূহ বাতিল কৰিছিলো। বাতিল হোৱা অনুস্থানসমূহ
১০ মে’ গোলাঘাট,
১২মে’ মাজুলী,
১৪মে’ দলগাঁও,
১৫ মে’ নাৰায়ণপুৰ,
১৬ মে’ বিশ্বনাথ চাৰিআলি।
এতিয়া চৰকাৰে বিহু পাতিবলৈ অনুমতি দিছে। তথাপি আমি আৰু বিহু অনুষ্ঠান নকৰোঁ। অনুষ্ঠান কৰা, গান গোৱা কথাটো পানী টেপৰ চুইছ দিয়া কামটোৰ দৰে নহয়। চুইছ অফ কৰিলে পানী বন্ধ হ’ব আৰু চুইছ অন কৰিলে পানী ওলাব। এখন অনুষ্ঠানৰ বাবে আমি মন মগজু আৰু হৃদয়ক একত্ৰ কৰি সাজু হওঁ। ইয়াক কোনেও বাতুলতাৰ পৰ্যায়লৈ লৈ নাযায় যেন ।
দুখ লাগিছে বাদ্যযন্ত্ৰীসকললৈ আৰু বহু শিল্পীলৈ। যাৰ এই বছৰটোৰ সম্বল আছিল এই বিহু কেইখন।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ