অসম লাইভ২৪ঃ ‘ইয়াত দেৱালী চলি থকা নাই! ভোটৰ সময়তহে মণিপুৰৰ জনতাক খবৰ লোৱা হয়৷ নিৰ্বাচন শেষ হ’লেই মণিপুৰক সকলোৱে পাহৰি যায়৷ আমাক শান্তি লাগে, আমাক জীৱনৰ নিৰাপত্তা লাগে৷’ এয়া প্ৰতিগৰাকী মণিপুৰৰ জনতাৰ মনৰ কথা৷
মণিপুৰ আজিও জ্বলি আছে। মণিপুৰবাসীয়ে শান্তি বিচাৰি বাৰে বাৰে আবেদন কৰিও যেন বিফল হৈছে। এই হিংসা আৰু কিমান দিনলৈ? শৈক্ষিক পৰিবেশ, শান্তিপূৰ্ণ জীৱনৰ কথাবোৰ মণিপুৰবাসীৰ বাবে যেন এতিয়া কেৱল এক সপোনহে। দুঃস্বপ্নৰ এই দিন কেতিয়া শেষ হ’ব? ২৮ আৰু ২৯ জুনত দুদিনীয়া ভ্ৰমণসূচীৰে বিৰোধী ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী আহিছিল হিংসা জৰ্জৰিত মণিপুৰলৈ। ৰাহুল অহাৰ পাছতেই সমগ্ৰতে চলিছিল মণিপুৰৰ চৰ্চা।
পাহাৰীয়া ৰাজ্যখনত হিংসা কমিছেনে? বুধবাৰে নিশাও মণিপুৰৰ কেইবা ঠাইত হিংসাত্মক ঘটনা৷ মণিপুৰৰ শেহতীয়া আপডেটক লৈ ৰাহুলে কৰিছে বিশেষ টুইট৷ ৰাহুলে টুইটত লিখিছে, ‘ঘৃণাৰ বাবে কোনো আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানো৷ য’ত হিংসা থাকে, তেনে দেশ কেতিয়াও আগুৱাই যাব নোৱাৰে৷ হিংসা এৰক, মণিপুৰ জোৰো সকলোৰে মূল উদ্দেশ্য হওক৷’
দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হওতে কেইবাটাও কেম্প ৰাহুলে পৰিদৰ্শন কৰিছিল। বুজ লৈছিল কেম্পত থকা ব্যক্তিসকলৰ। এগৰাকী মুকবধিৰ মহিলাৰ দুৰ্দশাৰ কথা ৰাহুলে টুইটত শ্বেয়াৰ কৰিছে। মহিলাগৰাকীয়ে ৰাহুলক বুজাইছে, ‘গোষ্ঠীসংঘৰ্ষত তেওঁ ঘৰ হেৰুৱাইছে৷ চাৰিওফালে বোমাবৰ্ষণ, যেনেতেনে জীৱনটো বচাই পলাই আহিছে৷ কিন্তু তেওঁৰ সন্তানটোক ৰক্ষা কৰিব নোৱাৰিলে৷ সংঘৰ্ষতেই প্ৰাণ হেৰুৱালে তেওঁৰ সন্তানে৷ গাওঁখনৰ অন্য লোকসকলৰ সৈতে পলাই আহি তেওঁ কেম্প পালেহি৷ সন্তানে চকুৰ সন্মুখতে ছটফটাই মৃত্যুক আঁকোৱালি ল’লে৷ পুত্ৰক হেৰুৱাৰ যন্ত্ৰণা সামৰি তেওঁ দুমাহ ধৰি এই কেম্পত আছে৷’
এয়া মণিপুৰৰ বহু লোকৰেই সামৰি ৰখা যন্ত্ৰণা। তেওঁলোকৰ কথাবোৰ কাক ক’ব, কোনে শুনিব? যন্ত্ৰণাদায়ক এই সময়তেই ৰাহুলক কাষত পায় কান্দোনত ভাঙি পৰিছিল বহু লোক। শেহতীয়াকৈ পুনৰ অশান্ত হৈ পৰা মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বিশেষ টুইট শ্বেয়াৰ কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ