অসম লাইভ২৪ঃ ঘটনাস্থল মণিপুৰৰ চূড়াচান্দপুৰ। নেশ্ব্যনেল হাইৱে-২। ৰাস্তাৰ দুইপাৰে বেঞ্চ পাতি লাঠি লৈ বহি আছে একাংশ কুঁকি মহিলা। আশেপাশে ঘূৰি ফুৰিছে কেইজনমান যুৱক। গাড়ী পাৰ হ’লেই ৰখাই জেৰা কৰে। ক’ৰ পৰা আহিছে, ক’ত যায়, কিয় যায়? অবিশ্বাস, শংকা, মানুহৰ প্ৰতি মানুহৰেই ঘৃণা এতিয়া মণিপুৰৰ সহজলভ্য পৰিবেশ। এয়া এটা মাত্ৰ উদাহৰণ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে মণিপুৰৰ বাস্তৱতা।
কেৱল কুঁকিয়েই নহয়, মেইতেই অধ্যুসিত এলেকাতো একেই পৰিবেশ। নিজৰ এলেকাক বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈকে এই পন্থা লৈছে মেইতেই আৰু কুঁকি দুই সম্প্ৰদায়ৰ লোকেই। এক অলিখিত সীমা যেন দুই সম্প্ৰদায়ে মণিপুৰত বান্ধি লৈছে। চুড়াচান্দপুৰ বা ম’ৰে আদি এলেকাৰ পৰা মেইতেই সকল পলাই আহিছে। আশ্ৰয় লৈছে ইম্ফল উপত্যকাৰ বিভিন্ন শিবিৰত। আনহাতে ইম্ফলত যিসকল কুঁকি আছে তেওঁলোকৰ ঠিকনা হৈ পৰিছে মণিপুৰৰ উত্তৰ-দক্ষিণত সাঁজি দিয়া অস্থায়ী শিবিৰ। মণিপুৰত এতিয়া সাজি তোলা হৈছে প্ৰায় ৩৫০টাতকৈয়ো অধিক ‘ৰিলিফ কেম্প।’
প্ৰতিটো কেম্পতেই স্বেচ্ছাসেৱকৰ তত্ত্বাবধানত ৰন্ধন চলিছে। কিছু কিছু কেম্পত স্বনিৰ্ভৰশীলতাৰ ট্ৰেইনিঙো দিয়া হৈছে। শিশুবোৰে আশ্ৰয় শিবিৰৰ বিভিন্ন কোণত মনে মনে বহি থাকে। কিয়নো তেওঁলোকৰ শৈক্ষিক জীৱন বুলিবলৈ একো নাই, কেতিয়া তেওঁলোক ঘৰলৈ উভতিব বা কেতিয়া বিদ্যালয়লৈ যাব সেই সম্পৰ্কে কোনেও নাজানে। এই আশ্ৰয় শিবিৰেই তেওঁলোকৰ স্থায়ী ঠিকনা হৈ পৰিব নেকি সেই কথাৰো উত্তৰ নাজানে কোনোজন শিৱিৰবাসীয়েই। নিজা নিজা শিবিৰৰ কাষত পহৰা দিছে দুই সম্প্ৰদায়েই। শিবিৰলৈ যাতে কোনো দুষ্কৃতিকাৰীৰ প্ৰৱেশ নঘটে তাৰবাবে আৰক্ষী প্ৰশাসনতকৈয়ো তেওঁলোক বেছি সষ্টম।
ময়ৰাং নামৰ এলেকাটোৰ আৰক্ষী চকীৰ কাষতেই বিশেষ চেকপোষ্ট আছে মেইতেই মহিলাৰ। আৰক্ষী নিৰ্লিপ্ত হৈ থাকিলেও তেওঁলোক কিন্তু সম্পূৰ্ণ সষ্টম। তাৰমাজতেই কৃষি কৰ্মৰ কামো তেওঁলোকে কৰিবলৈ যত্ন কৰিছে। কেম্পত কিমানদিনলৈ ফ্ৰি খাদ্য পাব তাকলৈয়ো তেওঁলোকৰ শংকা। যাৰবাবে একাংশই কৃষিকৰ্মতো মনোনিৱেশ কৰিছে। ইম্ফলৰ নিউ চেকন এলেকাটো কুঁকি অধ্যুষিত এলেকা। কিন্তু সেই এলেকাত এতিয়া প্ৰাণ নাই। মৃত উপত্যকা হৈ পৰিছে সেই এলেকাটো। কুঁকি ষ্টুডেণ্ট অৰগেনাইজেশ্ব্যনৰ এজন নেতাই এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কৈছে, ‘আমি তেওঁলোকৰ দৰে নহয়। আমি মেইতেইসকলক ইয়াৰ পৰা আঁতৰি যাবলৈ কৈছো কিন্তু তেওঁলোকৰ সম্পদ অনিষ্ঠ কৰা নাই। তেওঁলোকৰ সকলো সম্পদ লগত লৈ তেওঁলোক আঁতৰি গৈছে। আমাৰ মানুহৰ কিন্তু তেওঁলোকে সকলো সম্পত্তি ধ্বংস কৰি প্ৰাণ সংকটত পেলাই খেদি পঠিয়াইছে।’
কুঁকি ষ্টুডেণ্ট অৰগেনাইজেশ্ব্যনৰ বিশেষ নেতৃত্ব লোৱা যুৱকজনে মে’ মাহৰ আগলৈকে কেৱল পঢ়াশুনাতেই ব্যস্ত আছিল। তেওঁ এই সন্দৰ্ভতো কয়, ‘মে মাহৰ আগলৈকে মই কেৱল পঢ়াৰ কথাই ভাৱিছিলো। ইউপিএছছি দিম বুলি ভাৱি প্ৰস্তুতি চলাই আছিলো। কিন্তু নিজৰ মানুহে যেতিয়া চকুৰ সন্মুখত আৰ্তনাদ কৰি উঠে তেতিয়া ব্যক্তিগত সপোনবোৰক লৈ জীয়াই থকাৰ ইচ্ছা হেৰাই যায়। কেৰিয়াৰ তেতিয়া গৌণ হৈ পৰে।’
মণিপুৰত প্ৰায় দুমাহ ধৰি কৰ্তন কৰি ৰখা হৈছে ইণ্টাৰনেটো। মে মাহৰ পৰাই ইণ্টাৰনেট বন্ধ কৰি ৰখা হৈছে মণিপুৰত। অৰ্থাৎ ডিজিটেল ভাৰতৰ পৰা তেওঁলোকক বিচ্ছিন্ন কৰি ৰাখিছে কেন্দ্ৰই। দোকান পোহাৰত পৰি থকা কিউআৰ কোড এতিয়া ধুলিয়ে পুতি পেলাইছে। বহু দোকানীয়ে ভাঙি দলিয়াই দিছে এই কিউআৰ কোড। বাহিৰত পঢ়াশুনা কৰি থকা মণিপুৰৰ বহু ছাত্ৰই ঘৰৰ সৈতে যোগাযোগ কৰিব পৰা নাই। পৰিয়ালৰ লোক কেনে আছে এটা খবৰ ল’বলৈকো তেওঁলোকৰ হাতত এতিয়া উপায় নাই। বহু সন্তানেই হেৰুৱাইছে পৰিয়ালৰ লোকক। কিন্তু মণিপুৰলৈ আহি শেষ দেখা কৰিবলৈকো তেঁঁওলোকৰ সকলো পথ বন্ধ।
একবিংশ শতিকাৰ এয়া কেনে বৰ্বৰ ছবি হয়তো চকুৰে নেদেখিলে বুজিব নোৱাৰি। অনুভৱ কৰিবলৈকো ৰাজনীতিৰ বৃহৎ এক মেৰপেছ। ক্লান্ত হৈ পৰিছে মণিপুৰৰ বহু জনতাই। এই জীৱনতকৈ মৃত্যুৱেই সহজ বুলিও একাংশই ভাষ্য প্ৰদান কৰিছে। ক্লান্ত কেৱল জনতাই হৈছে তেনে নহয়, নিৰাপত্তাৰক্ষীসকলো ভাগৰি পৰিছে। পোচাকৰ আঁৰতো এক মানৱ সত্তাইতো থাকে সেই কথা বুজাবলৈ গৈ এজন আৰক্ষীৰ জোৱানেও মন্তব্য কৰিছে, ‘বিগত তিনিমাহ কেৱল জুই, ধোঁৱা, শৱদেহ, ঘণ্টাৰ পাছত ঘণ্টাজুৰি ডিউটি। এই জীৱনে মোৰ আমূৱাইছে, বৰ কষ্টকৰ এই জীৱন।’
এখন ৰাজ্যই এতিয়া যেন সম্পূৰ্ণৰূপে ক্লান্ত হৈ পৰিছে। জীৱন-মৃত্যুৰে যুঁজি যুঁজি ভাগৰি পৰিলে নিজেই এই যুদ্ধ বন্ধ হৈ পৰিব বুলিয়েই কেন্দ্ৰই বাট চাই আছে বুলিও এজন আৰক্ষীয়ে নিজেই কৈ পেলাইছে। কেম্পসমূহতো এতিয়া বিকংলাগ শৈশৱ। পাহাৰীয়া প্ৰায়কেইটা এলেকাৰ বিদ্যালয়েই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। এই শিশুসমূহৰ ভৱিষ্যত কি হ’ব সেয়াও এক ডাঙৰ প্রশ্ন পিতৃ-মাতৃৰ সন্মুখত। এইসমূহ পৰিস্থিতিৰ মোকাবিলা কৰা প্ৰায়সমূহ লোকেই এতিয়া আস্থা হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ওপৰত। তেওঁলোকৰ এটাই দাবী কেন্দ্ৰই এই বিষয়টোত হস্তক্ষেপ কৰক। নিৰ্বাচনলৈ এতিয়াও মাজত ৪বছৰ সময় আছে। এই ৪ বছৰলৈ এনেদৰেই অপেক্ষা কৰি থাকিব লাগিব নেকি সেই প্ৰশ্নও আহিছে মণিপুৰৰ প্ৰায়সমূহ জনতাৰ মনত। ৰাজ্যখনৰ বহু এলেকাই এতিয়াও আফস্পাৰ অধীনত আছে।
জাতিৰ প্ৰতি জাতিৰ ঘৃণা এই দ্বন্দ মণিপুৰৰ আজিৰ নহয়। ইয়াৰ পূৰ্বেও মেইতেই-মুছলমান, মেইতেই-নাগা, নাগা-কুঁকি অথৱা মেইতেই কুঁকিৰ সংঘাত চলি আহিছে। কিন্তু পূৰ্বে পৰিস্থিতি ইমান বেয়ালৈ যোৱা নাছিল। এইবাৰ কিয় পৰিস্থিতি ইমান বেয়ালৈ গৈছে এই সন্দৰ্ভত মণিপুৰত কৰ্মৰত এজন চিআৰপিএফ জোৱানে কৈছে, ‘২০০৯ চনত মণিপুৰ উত্তপ্ত হওঁতেও আমাক ইয়ালৈ অনা হৈছিল। তেতিয়া কথাবোৰ বেলেগ আছিল। সেই যুঁজ আছিল ৰাষ্ট্ৰৰ বিৰুদ্ধে এখন ৰাজ্যৰ জনতাৰ যুঁজ। কিন্তু এইবাৰ পটভূমি বেলেগ। এইবাৰ যুঁজ একে ৰাজ্যৰ দুই জাতিৰ মাজত। নিজৰ ভিতৰতেই যুঁজ। সেয়ে আমি নিৰাপত্তাৰক্ষীসকলো অসহায়।’
সকলোৱেই নিজ গৃহলৈ উভতি যোৱাৰ সপোন দেখে। সপোনৰ ঘৰখনত পূৰ্বৰ দৰেই এক জীৱন কটোৱাটো যেন মণিপুৰৰ একাংশ লোকৰ বাবে কেৱল এক দুস্বপ্নহে এতিয়া। এদিন একেলগে হাঁহি ধেমালীয়ে কটোৱা প্ৰতিবেশীসকলেই তেওঁলোকক গৃহহীন কৰিলে। উভতি ক’লৈ যাব। উভতি গ’লেও সেইখন সমাজ পাবনে। একেলগে থকা প্ৰতিবেশীসকলেই তেওঁলোকৰ জীৱন কাঢ়ি ল’ব পাৰে সেই ভয়েই খেদি থাকে প্ৰত্যেকজন শিবিৰবাসীক। ভঙা বিশ্বাস জোৰা লগোৱাৰ জানো কিবা উপায় থাকে? পাৰস্পৰিক অবিশ্বাস ইমানেই গভীৰ হৈ পৰিছে যে সেয়া উৎখাত কৰা সম্ভৱ নহয়।
ইম্ফলৰ আইডিএল গাৰ্লছ কলেজৰ ত্ৰাণ শিবিৰত ম’ৰেৰ পৰা পলাই অহা এগৰাকী মেইতেই মহিলাই তেওঁৰ সন্তানক গল্প শুনোৱাইছিল। মহিলাগৰাকীৰ সন্তানে সন্ধিয়াৰ সময়ত খেলৰ পৰা ঘৰলৈ আহিব নোখোজাত মাতৃয়ে কুঁকিৰ ভয় দেখুৱাই সন্তানটোক টানি আনে। সন্তানটোও কুঁকিৰ ভয়ত মাতৃৰ পিছে পিছে দৌৰি ঘৰ পায়হি।
লাহে লাহে অশান্তিৰ দিন কমি আহিব। আজি নহয় কাইলৈ আশান্তি কমিব। কিন্তু স্থায়ী সমাধান আহিবনে? কেম্পৰ এই শিশুকেইটা কাইলৈ ডাঙৰ হ’ব। কিন্তু বুকুত এই কাহিনীৰ বিদ্বেষ সেই শিশুটিয়ে আজীৱন কঢ়িয়াব। সি এদিন ডেকা হ’ব হয়তো তাৰ আশে পাশে কুঁকি সমাজখন দেখিলেই সি ক্ষোভত ফাটি পৰিব। তেনে এটি কাহিনীয়েই আন এটি শিশুৰ ক্ষেত্ৰতো। কেম্পত থকা কুঁকি শিশুৰ মাজত এতিয়া মেইতেই বিদ্বেষ। শিশু মনটোৰেই সি কৈছে, ‘ডাঙৰ লৈ মই মেইতেইক মাৰিম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ